আই পি এলৰ শ্ৰেষ্ঠ খেলুৱৈৰ ভিতৰত ৰোহিত শৰ্মাক গণ্য কৰা হয়।খেলুৱৈ গৰাকীয়ে ২০০৮ চনৰ পৰা আই পি এলৰ প্ৰতিটো ছিজনতে খেলি আহিছে আৰু তেওঁৰ অধিনায়কত্বৰ অধীনত মুম্বাই ইণ্ডিয়ানছকো পাঁচবাৰ খিতাপ দখল কৰিবলৈ বাধ্য কৰাইছে।়
যদিও চলিত ছিজনত তেওঁ নিজৰ নাম অনুযায়ী প্ৰদৰ্শন কৰিব পৰা নাই আৰু আই পি এল ২০২৫ত তেওঁৰ বেটৰ পৰা এটাও অৰ্ধশতক হোৱা নাই।কিন্তু দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত ছয় মাৰি তেওঁ আচৰিত কাম কৰিলে।
দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত ৰোহিত শৰ্মাই ১২টা বলত ১৮ ৰান সংগ্ৰহ কৰিছে, য’ত দুটা চাৰি আৰু এটা ছয় অন্তৰ্ভুক্ত আছিল।তেওঁৰ উইকেট দখল কৰে বিপৰাজ নিগমে।
মেচখনত ছয়টো দি ৰোহিতে দিল্লী কেপিটেলছৰ বিৰুদ্ধে আই পি এলত ৫০টা ছয় সম্পূৰ্ণ কৰে।ইয়াৰ লগে লগে তেওঁ আই পি এলৰ যিকোনো এটা দলৰ বিৰুদ্ধে ৫০টা ছয় কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে।
আৰচিবিৰ দলৰ বিৰুদ্ধে মহেন্দ্ৰ সিং ধোনীয়ে ৪৯টা ছয় সংগ্ৰহ কৰিছিল।ৰোহিতৰ পূৰ্বে কোনো ভাৰতীয় বেটছমেনে আই পি এলৰ কোনো দলৰ বিৰুদ্ধে ৫০টা ছয় কৰিব পৰা নাছিল, এতিয়া সকলো ভাৰতীয় বেটছমেনক এৰি এই পদ অৰ্জন কৰিছে ৰোহিত শৰ্মাই।
২০০৮ চনৰ পৰা আই পি এলত অংশগ্ৰহণ কৰি আহিছে ৰোহিত শৰ্মাই।এতিয়ালৈকে তেওঁ আই পি এলৰ ২৬২খন খেলত মুঠ ৬৬৮৪ ৰান সংগ্ৰহ কৰিছে।