প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ । গোৱাৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দীপাংকৰ । দীৰ্ঘদিন ধৰি আৰক্ষীক ধূলি দি পলাতক অৱস্থাত আছিল প্ৰৱঞ্চক দীপাংকৰ । DB STOCKৰ নামত লুণ্ঠন চলাইছিল হাজাৰ হাজাৰ কোটি টকা । সৰ্বসাধাৰন জনতাক অধিক ধনৰ লোভ দেখুৱাই প্ৰৱঞ্চনা কৰিছিল দীপাংকৰে ।
গুৱাহাটী মহানগৰীৰ উলুবাৰীত ডি বি ষ্টক ব্ৰকিং কনছালটেন্সী নামৰ এক বিত্তীয় প্ৰতিষ্ঠান খুলি ২০১৮ চনৰ পৰা অবৈধ ষ্টক ট্রেডিঙৰ জাল পাতিছিল দীপাংকৰ বৰ্মনে । ইয়াৰ পিছত প্ৰৱঞ্চনাৰ বলি হোৱা শতাধিক লোকে পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত বিগত ১৮ আগষ্টৰ পৰা পলাতক হৈ আছিল দীপাংকৰ বৰ্মন । ইয়াৰ পিছতেই এই প্ৰৱঞ্চনাৰ গোচৰত প্ৰেমিকা মনালিছা দাসৰ লগতে দীপাংকৰৰ পিতৃ-মাতৃকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।