কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (EPFO) দেশৰ ৭ কোটি পি এফ গ্ৰাহকক এক ডাঙৰ উপহাৰ দিবলৈ প্ৰস্তুতি চলাইছে । সেই অনুসৰি ২০২৫ চনত, পি এফ একাউণ্ট (PF Account) ধাৰকসকলে এক বিশেষ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে, যাৰ অধীনত ব্যৱহাৰকাৰীসকলে এ টি এম মেচিনৰ জৰিয়তে তেওঁলোকৰ পি এফ একাউণ্টত জমা কৰা ধন উলিয়াবলৈ সক্ষম হ’ব । এই সুবিধা এক বিশেষ কাৰ্ডৰ জৰিয়তে লাভ কৰিব, যি ঠিক ডেবিট কাৰ্ডৰ দৰে হ’ব । প্ৰতিবেদন অনুসৰি, শ্ৰম মন্ত্ৰালয়ে ইয়াৰ ওপৰত কাম কৰি আছে । এক প্ৰতিবেদনত, এই সেৱা জানুৱাৰী ২০২৫-ৰ পৰা উপলব্ধ হ’ব বুলি প্ৰকাশ কৰা হৈছে ।
টকা উলিওৱাৰ অপেক্ষা শেষ হ’ব-
ই পি এফ অ’ৰ মতে, অহা বছৰৰ আৰম্ভণিতে গ্ৰাহকে তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড বা পি এফ একাউণ্টৰ পৰা পোনপটীয়াকৈ এ টি এমৰ জৰিয়তে ধন উলিয়াব বুলি আশা কৰিব পাৰে । কাৰণ শ্ৰম মন্ত্ৰালয়ে এই সুবিধাৰ বাবে ডেবিট কাৰ্ডৰ দৰে কাৰ্ড প্ৰদানৰ কাম কৰি আছে । উল্লেখ্য যে বৰ্তমান ই পি এফ অ’ৰ সদস্যসকলে উলিওৱা ধন একাউণ্টৰ সৈতে সংযুক্ত বেংক একাউণ্টত জমা হ’বলৈ সাতৰ পৰা দহ দিন অপেক্ষা কৰিবলগীয়া হয় । অৰ্থাৎ নতুন সুবিধাৰ বাবে এতিয়াৰ পৰা এই অপেক্ষাৰ অন্ত পৰিব ।
জানুৱাৰী মাহৰ পৰাই এই সুবিধা উপলব্ধ হ’ব!
আশা কৰা হৈছে যে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচন (ই পি এফ অ’)ৰ গ্ৰাহকে তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড (পি এফ)ৰ সঞ্চয় পোনপটীয়াকৈ এ টি এমৰ পৰা উলিয়াব পাৰিব । এক প্ৰতিবেদন অনুসৰি শ্ৰম সচিব সুমিতা ডাৱৰাই কয় যে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে পি এফ উলিওৱাৰ ব্যৱস্থা সুশৃংখলিত কৰাৰ লগতে সেৱা উন্নত কৰাৰ বাবে আই টি ব্যৱস্থা উন্নীত কৰিছে । তেওঁ কয় যে অহা বছৰ আই টি ২.১ উন্নীতকৰণ লাইভ হোৱাৰ পিছত ই পি এফ অ’ৰ আই টি আন্তঃগাঁথনি বেংকিং ব্যৱস্থাৰ সমপৰ্যায়ৰ হ’ব । ইয়াৰ দ্বাৰা দাবীদাৰ, হিতাধিকাৰী আৰু বীমাকৃত ব্যক্তিসকলে নূন্যতম মানৱীয় হস্তক্ষেপেৰে তেওঁলোকৰ পি এফ পুঁজি লাভ কৰিব পাৰিব ।