১২ বছৰ ধৰি এগৰাকী মহিলাৰ পেটত সোমাই থাকিল এখন অস্ত্ৰোপচাৰৰ কেঁচি । কিন্তু এই দীঘলীয়া সময়ছোৱাত চিকিৎসকে এই কথা ধৰা পেলাব পৰা নাছিল । আনহাতে মহিলাগৰাকীয়ে এই দীৰ্ঘ সময় ইয়াৰ বাবেই বিষত ভুগি আছিল । শেহতীয়াকৈ ছিকিমত এই ঘটনা পোহৰলৈ আহিছে । ১২ বছৰ পূৰ্বে কৰা অস্ত্ৰোপচাৰত গাফিলতিৰ বাবে কেঁচিখন মহিলাগৰাকীৰ পেটত ৰৈ গৈছিল । এতিয়া ১২ বছৰৰ পাছত এই কথা জনাৰ পাছত চিকিৎসকে পেটৰ অস্ত্ৰোপচাৰ কৰি ওলিয়াই আনে কেঁচিখন ।
ছিকিমৰ এছ টি এন এম চিকিৎসালয়ত এই আচৰিত ঘটনা পোহৰলৈ আহিছে । ইয়াত, এগৰাকী মহিলাৰ ৮ অক্টোবৰত এটা ডাঙৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । অস্ত্ৰোপচাৰৰ জৰিয়তে, ২০১২ চনত তেওঁৰ এপেণ্ডিক্স অস্ত্ৰোপচাৰৰ পিছত মহিলাগৰাকীৰ পেটত এক দশকৰো অধিক সময় থকা ছাৰ্জিকেল কেঁচিখন বাহিৰ কৰা হয় ।
মহিলাগৰাকীৰ স্বামীয়ে জনোৱা মতে, ২০১২ চনত তেওঁৰ পত্নীৰ পুৰণি এছ টি এন এম চিকিৎসালয়ত এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ পেটৰ তীব্ৰ বিষ অবিৰতভাৱে হ’বলৈ ধৰে । আশ্চৰ্যজনকভাৱে মহিলাগৰাকীৰ পেটত অস্ত্ৰোপচাৰৰ কেঁচি আছে বুলি ইয়াৰ পিছত বছৰ বছৰ ধৰি জানিব পৰা হোৱা নাছিল । ৮ অক্টোবৰত যেতিয়া চিকিৎসকে তেওঁক পৰীক্ষা কৰি পেটত অস্ত্ৰোপচাৰৰ কেঁচি দেখা পায়, তেতিয়া লগে লগে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয় ।
চিকিৎসালয়খনৰ চিকিৎসা বিশেষজ্ঞৰ এটা দলে যোৱা ৮ অক্টোবৰত মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কৰি কেঁচিখন আঁতৰাই । বৰ্তমান মহিলাগৰাকীৰ অৱস্থা সুস্থিৰ আৰু তেওঁ সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে । ৰোগীৰ পেটত অস্ত্ৰোপচাৰ কেঁচিৰ উপস্থিতি এটা দশকৰো অধিক সময় ধৰি ধৰা পৰা নাছিল । ইয়াৰ বাবে চিকিৎসাৰ গাফিলতি, ৰোগীৰ সুৰক্ষা আৰু চিকিৎসালয়ৰ প্ৰট’কল সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে ।
এই ঘটনাৰ বাবে ৰাইজৰ মাজত এতিয়া ক্ষোভৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত চিকিৎসালয় আৰু স্বাস্থ্য সেৱাৰ বিষয়াসকলৰ পৰা উত্তৰ বিচৰা হৈছে । এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে বিষয়াসকলে ।