ভাৰতীয় মহিলা ক্ৰিকেট দলে ডিচেম্বৰত অষ্ট্ৰেলিয়াত তিনিখন এদিনীয়া শৃংখলা খেলিব।ইয়াৰ বাবে দলটোত কোন কোন থাকিব সেই কথা ইতিমধ্যে বিচিচিআইয়ে ঘোষণা কৰিছিল।
হৰমনপ্ৰীত কৌৰে অধিনায়কত্বৰ দায়িত্ব লাভ কৰিছিল, কিন্তু এতিয়া ভাৰতীয় দলটোৱে ভ্ৰমণৰ পূৰ্বে এক ডাঙৰ খবৰ পোহৰলৈ আহিছে।উইকেটকিপাৰ বেটছমেন য়াষ্টিকা ভাটিয়া আঘাতৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা বাহিৰ হৈছে।
মহিলাবিগ বেছ লীগত যষ্টিকা ভাটিয়াই মণিবন্ধত আঘাত পাইছিল। বিচিচিআইৰ চিকিৎসা দলে এই কথা নিশ্চিত কৰিছে।এতিয়া তেওঁৰ সুস্থ হৈ উঠাৰ বাবে নিবিড়ভাৱে নিৰীক্ষণ কৰি থকা হৈছে।
একে সময়তে, মহিলা বাছনি সমিতিয়ে উমা ছেত্ৰীক তেওঁৰ সলনি দলত অন্তৰ্ভুক্ত কৰিছে। বিচিচিআইয়ে টুইট কৰি এই তথ্য দিছে।
২২ বছৰীয়া উমাই এই বছৰ টীম ইণ্ডিয়াৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত আত্মপ্ৰকাশ কৰিছিল আৰু ভাৰতীয় দলৰ হৈ মাত্ৰ ৪ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলিছিল।