আগন্তুক সময়ত ভাৰতত খাদ্যৰ মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পাব পাৰে আৰু একে সময়তে অৰ্থনৈতিক বিকাশৰ হাৰ বৃদ্ধি পাব পাৰে । কাৰণ ভাল বাৰিষা আৰু নূন্যতম সমৰ্থন মূল্য বৃদ্ধিৰ বাবে কৃষি খণ্ড লাভৱান হৈছে । এই তথ্য সোমবাৰে বিত্ত মন্ত্ৰালয়ৰ মাহেকীয়া অৰ্থনৈতিক পৰ্যালোচনাত দিয়া হৈছে । ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ অক্টোবৰ মাহত ৬.২১ শতাংশ আছিল, যিটো ১৪ মাহৰ ভিতৰত সৰ্বাধিক । প্ৰধান উৎপাদক ৰাজ্যসমূহত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিলাহী, পিয়াঁজ আৰু আলুৰ দামত হেঁচা বৃদ্ধি হয় ।
ভাল কৃষি উৎপাদনৰ আশাৰ ওপৰত মুদ্ৰাস্ফীতিৰ দৃষ্টিভংগী নৰম-
প্ৰতিবেদনত কোৱা হৈছে যে নিৰ্বাচিত খাদ্য সামগ্ৰীৰ ওপৰত বৰ্তমান মূল্যৰ চাপ থকাৰ পিছতো কৃষি উৎপাদনৰ ভাল সম্ভাৱনাই মুদ্ৰাস্ফীতিৰ দৃষ্টিভংগী নৰম কৰি তুলিছে । নৱেম্বৰৰ আৰম্ভণিৰ ধাৰাসমূহে প্ৰধান খাদ্য সামগ্ৰীৰ দাম নৰম হোৱাৰ ইংগিত দিছে । কিন্তু ভূ-ৰাজনৈতিক কাৰকে ঘৰুৱা মুদ্ৰাস্ফীতিৰ হাৰ আৰু যোগান শৃংখলত প্ৰভাৱ পেলাই থাকিব পাৰে ।
বিশ্বৰ অস্থিৰতাৰ মাজত বাৰিষাৰ মাহত কিছু সময়ৰ মন্দাৱস্থাৰ পিছত অক্টোবৰ মাহত ভাৰতৰ অৰ্থনৈতিক কাৰ্যকলাপৰ কেইবাটাও হাই ফ্ৰিকুৱেঞ্চি সূচকৰ উন্নতি দেখা গৈছে । ইয়াৰ ভিতৰত গ্ৰাম্য আৰু নগৰীয়া চাহিদা প্ৰতিফলিত কৰা সূচক যেনে ক্ৰয় পৰিচালকৰ সূচকাংক আৰু ই-ৱে বিল অন্তৰ্ভুক্ত আছে ।
নিয়োগ ক্ষেত্ৰত আনুষ্ঠানিক কৰ্মশক্তিৰ সম্প্ৰসাৰণ – বিত্ত মন্ত্ৰালয়
প্ৰতিবেদন অনুসৰি নিয়োগৰ ক্ষেত্ৰত আনুষ্ঠানিক কৰ্মশক্তিৰ সম্প্ৰসাৰণ ঘটিছে, উৎপাদন খণ্ডত চাকৰি প্ৰবল বৃদ্ধি হৈছে আৰু সংগঠিত খণ্ডত যুৱক-যুৱতীৰ সংখ্যাও বৃদ্ধি পাইছে । বহিঃখণ্ডৰ সন্দৰ্ভত উদ্বেগ অব্যাহত আছে । উন্নত বজাৰত চাহিদা লেহেমীয়া হোৱাৰ বাবে ৰপ্তানিৰ উন্নতিৰ সন্দৰ্ভত প্ৰত্যাহ্বান থাকিব । অৱশ্যে সেৱাৰ ৰপ্তানি বৃদ্ধি পাই থাকিব ।
প্ৰতিবেদনত আৰু কোৱা হৈছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই বিত্তীয় বজাৰৰ বাবে চিন্তাৰ সৃষ্টি কৰিছে । ইয়াৰ বাবেই আমেৰিকাৰ ট্ৰেজাৰী আৰু সোণৰ দৰে নিৰাপদ সম্পত্তিৰ চাহিদা বৃদ্ধি পাইছে । কিন্তু বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতি উত্তেজনাময় হৈয়েই আছে ।