দেওবাৰে অনষ্ঠিত হোৱা দ্বিতীয়খন টি-২০ মেচত দক্ষিণ আফ্ৰিকাই ভাৰতক ৩ উইকেটত পৰাস্ত কৰিছে । ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকাই টি-২০ৰ চাৰিখনীয়া মেচৰ শৃংখলাটোত সমতা স্থাপন কৰিছে । কম স্ক’ৰৰ এই মেচখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ১২৪ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত আয়োজক দক্ষিণ আফ্ৰিকাই ৬টা বল বাকী থকা অৱস্থাত লক্ষ্যত উপনীত হয় । আয়োজক দক্ষিণ আফ্ৰিকাৰ জয়ত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই ট্ৰিষ্টান ষ্টাবছ আৰু গেৰাল্ড ক’টজীয়ে ।
আজিৰ খেলখনত ভাৰতীয় দলৰ হৈ পুনৰ ব্যৰ্থ হয় অভিষেক শৰ্মা, যিয়ে মাত্ৰ ৪ ৰানতে পেভিলিয়নমুখী হয় । যোৱা মেচখনত শতক অৰ্জন কৰা সঞ্জু চেমছনো এই মেচত ব্যৰ্থ হৈ শূন্য স্ক’ৰতে আউট হয় । অধিনায়ক সূৰ্যকুমাৰ যাদৱেও নিজৰ বেটৰ পৰা মাত্ৰ ৪ ৰানহে দিয়ে । তিলক বাৰ্মাই চেষ্টা কৰিলেও ২০ ৰাণক ডাঙৰ ইনিংছলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে । ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই সৰ্বাধিক ৪৫টা বলত ৩৯ ৰান সংগ্ৰহ কৰে ।
ভাৰতৰ পৰা জয় কাঢ়ি লৈ গ’ল এজন বলাৰে-
দক্ষিণ আফ্ৰিকাই এটা সময়ত পৰাজয়ৰ দিশে আগবাঢ়িছিল কাৰণ দলটোৱে ৮৬ ৰানৰ স্ক’ৰলৈকে ৭টা উইকেট হেৰুৱাইছিল । আয়োজক দলটোৱে জয়ৰ পৰা এতিয়াও ৩৯ ৰান দূৰত আছিল আৰু এনে পৰিস্থিতিত গেৰাল্ড ক’টজীয়ে ৯টা বলত ১৯ ৰানৰ কেমিঅ’ ইনিংছ খেলি নিজৰ দলৰ জয়ত এক বৃহৎ অৱদান আগবঢ়াই ।
ভাৰতৰ বৰুণ চক্ৰৱৰ্তীয়ে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল যদিও অথলে যায় তেওঁৰ প্ৰচেষ্টা । চক্ৰৱৰ্তীয়ে ৪ অভাৰত ১৭ ৰাণ খৰছ কৰি সৰ্বাধিক ৫ টা উইকেট দখল কৰে । ট্ৰিষ্টান ষ্টাব (৪৭ অপৰাজিত) প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ।