বিৰিয়ানীৰ বাবে কৰুণ মৃত্যুক সাৱটি ল’লে এজনে । বিৰিয়ানী খোৱাক লৈ ঘটা বিবাদৰ বাবেই সংঘটিত হয় এই ঘটনা । ছত্তীশগড়ৰ সুৰাজপুৰ জিলাৰ অম্বিকাপুৰ অঞ্চলত বিৰিয়ানী খোৱাৰ বিবাদক লৈ এজন যুৱকে নিজৰ বন্ধুক হত্যা কৰে । তথ্য অনুসৰি মৃত ব্যক্তিজনে অকলে গোটেই বিৰিয়ানী খাইছিল । এই কথাত অভিযুক্ত যুৱকজনৰ ইমানেই খং উঠে যে বন্ধু জগদেৱ সাৰথিক বেয়াকৈ প্ৰহাৰ কৰে । প্ৰহাৰৰ পিছত জগদেৱক সংকটজনক অৱস্থাত ৰায়পুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ।
গৈছিল সুৰা কিনিবলৈ গৈছিল, উভতি আহি দেখে বিৰিয়ানী শেষ-
সুৰজপুৰৰ আৰক্ষী অধীক্ষক আমোলক সিং ধীলনে কয় যে জগদেৱ সাৰথি আৰু অভিযুক্তই মহানগৰীৰ নৱগড় অঞ্চলৰ ভাড়াঘৰত থাকি কাম কৰিছিল । ১০ আগষ্টৰ নিশা কামৰ পৰা উভতি অহাৰ পিছত দুয়োজনেই বিৰিয়ানী আনে আৰু ইয়াৰ পিছত অভিযুক্ত অমৰেশ সুৰা কিনিবলৈ ওলাই যায় । ইয়াৰ মাজতে জগদেৱে গোটেই বিৰিয়ানী অকলে খাই শেষ কৰে । ইতিমধ্যে অমৰেশ উভতি অহালৈ বিৰিয়ানী শেষ হৈ যায় ।
বন্ধুক নিৰ্দয়ভাৱে প্ৰহাৰ, মৃত্যু-
এই কথাতে অমৰেশৰ খং উঠে আৰু তেওঁ জগদেৱক তীব্ৰ প্ৰহাৰ কৰে । ইয়াৰ বাবেই জগদেৱ গুৰুতৰভাৱে আহত হয় । পিছদিনা জগদেৱে তেওঁৰ অৱস্থাৰ বিষয়ে পৰিয়ালক অৱগত কৰে । পৰিয়ালৰ লোকে আহত জগদেৱক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে । কিন্তু তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত পৰিয়ালে ৰায়পুৰলৈ লৈ যায় আৰু ১৬ আগষ্টত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় ।
আৰক্ষী অধীক্ষকে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি মাৰাত্মক আক্ৰমণৰ ফলত জগদেৱৰ মৃত্যু হয় । আৰক্ষীয়ে অভিযুক্ত সঞ্জয় ওৰফে অমৰেশৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি তেওঁক বিচাৰি অভিযান চলায় । দেওবাৰে (২১ অক্টোবৰ) বিশেষ তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক । জেৰাৰ সময়ত তেওঁ ভুক্তভোগীক প্ৰহাৰ কৰি হত্যা কৰা বুলি স্বীকাৰ কৰে । অভিযুক্ত অমৰেশক ন্যায়িক জিম্মাত জেললৈ প্ৰেৰণ কৰা হৈছে ।