এক্সন মুডত অসম আৰক্ষী; যোৰহাটত অশান্তি বিয়পোৱা ৬জনক গ্ৰেপ্তাৰ

যোৰহাটত অশান্তি বিয়পোৱা ৬জনক গ্ৰেপ্তাৰ প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ পিছত এতিয়া অসম আৰক্ষীয়ে আৰম্ভ কৰিছে এক্সন মুড। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যোৰহাটত অশান্তি বিয়পোৱা ৬জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা সকল হৈছে বিতোপন বৈশ্য, উজ্বল বৰা, দেৱজিত গগৈ, ধুৱজ্যোতি শৰ্মা, চুনো চাহ, চন্দন দাস, মঞ্জিত বৰুৱা, দুলুমণি বৰা, বিতোপন দত্ত। এওঁলোকে জুবিন অনুৰাগীৰ মাজত […]
যোৰহাটত উপস্থিত CIDৰ দল; জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হ’ল তদন্ত

যোৰহাটত উপস্থিত CIDৰ দল অসমৰ হ্ৰাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হোৱাৰ পিছতে তেওঁৰ ন্যায় বিচাৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে। ৰাজ্যৰ থানাই থানাই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। জুবিন গাৰ্গৰ শেষকৃত্য হৈ যোৱাৰ পিছত হিয়াৰ আমঠু শিল্পী গৰাকীৰ ন্যায়ৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰতিবাদ। তাৰ মাজতে যোৰহাটত উপস্থিত হৈছে […]
আপুনিও জুবিনৰ চিতাভস্ম বিচাৰে নেকি? অসম চৰকাৰে মুকলি কৰিব পৰ্টেল

আপুনিও জুবিনৰ চিতাভস্ম বিচাৰে নেকি? আজি সোণাপুৰত সম্পন্ন হ’ল মহানায়কৰ শেষকৃত্য অনুষ্ঠান। পঞ্চভুতত বিলীন হ’ল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অস্থি ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়ালক অৰ্পণ কৰা হৈছে। মহানায়কৰ এই চিতাভস্মক লৈ এতিয়া অসম চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে। প্ৰাণৰ শিল্পী গৰাকীৰ চিতাভস্মৰ বাবে অসম চৰকাৰে মুকলি কৰিব পৰ্টেল।সেই পৰ্টেলত আবেদন কৰিলেই লাভ […]
“৭ মাহত ৭খন ডাঙৰ যুদ্ধ বন্ধ কৰি দিলোঁ”; UNGA ত ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

UNGA ত ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউছৰ ভূমিকা আৰু আমেৰিকাৰ বিশ্ব শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে। ট্ৰাম্পে সাতখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি কয় যে তেওঁ ভাৰত-পাকিস্তান আৰু ইজৰাইল-ইৰাণৰ ১২ দিনীয়া যুদ্ধকে ধৰি সাতখন “অন্তহীন যুদ্ধ”ৰ অন্ত পেলালে। তেওঁ কয় যে, ৰাষ্ট্ৰসংঘই এই […]
‘মায়াবিনী ৰাতিৰ বুকুত….’; স্বামীৰ প্ৰিয় গীত গাই গৰিমা শইকীয়া গাৰ্গে দিলে শেষ বিদায়

স্বামীৰ প্ৰিয় গীত গাই গৰিমা শইকীয়া গাৰ্গে দিলে শেষ বিদায় সন্মুখত জ্বলি আছে স্বামীৰ চিতা।কান্দোনত ভাঙি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ। মুখত তেওঁৰ মৰমৰ গল্ডিৰ প্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত…। আজিৰে পৰা আৰু তেওঁ কোনোদিনেই কাষত নাপায় মৰমৰ স্বামীক। সমস্ব হেৰুৱাই বহি ৰৈছে স্বামী জুবিনৰ চিতাৰ সন্মুখতে বহি ৰৈছে গৰিমা শইকীয়া গাৰ্গ। প্ৰাণৰ শিল্পীক চিতাত […]
পঞ্চভূতত বিলিন হ’ল জনতাৰ প্ৰাণৰ শিল্পী; মায়াবিনী গাই লাখ লাখ অনুৰাগীয়ে দিলে বিদায়

মায়াবিনী গাই লাখ লাখ অনুৰাগীয়ে দিলে বিদায় সকলোৰে বুকু শুদা কৰি কোনোদিন উভতি নহাৰ বাটেৰে গুচি গ’ল জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুচীৰ জুবিনক্ষেত্ৰত লাখ লাখ অনুৰাগীয়ে কান্দি কান্দি মায়াবিনী গীতটো গাই শেষ বিদায় দিলে জুবিনক। আকাশে বতাহে আজি কেৱল জুবিনৰেই গান। বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সামৰি মেলানি মাগিলে জুবিন গাৰ্গে। সোণাপুৰৰ কমাৰকুছীত ৰাজ্যিক মৰ্যাদাৰে […]
‘কেজৰিৱালে গোটেই দিনটো মোৰ ৰিলবোৰ চাই থাকে’; মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কিয় ক’লে এই কথা

মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কিয় ক’লে এই কথা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সোমবাৰে অৰবিন্দ কেজৰিৱালৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰি এটা ডাঙৰ বক্তব্য কৰিছে। তেওঁ কৈছিল যে,“মই কেজৰিৱাল জীক ক’ব বিচাৰো যে ছাৰ, মোৰ ভিডিঅ’, ইন্টাৰভিউ আৰু ৰিল চোৱা অলপ কমাই দিয়ক।তেওঁ গোটেই দিনটো মোৰ ৰিলবোৰ চাই থাকে…।” “সেৱা পখোৱাদাৰ অধীনত আয়োজিত বহুস্তৰীয় বৈদ্যুতিক বাছ ডিপোৰ আধাৰশিলা […]
‘ৰাষ্ট্ৰীয় সন্মানেৰে শেষ বিদায় দিয়া হ’ব জুবিন গাৰ্গক’; মুখ্যমন্ত্ৰী

‘ৰাষ্ট্ৰীয় সন্মানেৰে শেষ বিদায় দিয়া হ’ব জুবিন গাৰ্গক’ কাইলৈ শেষকৃত্য সম্পন্ন হ’ব সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ।মঙলবাৰে পুৱা ৭.৩০ৰ পৰা ৮ বজাৰ ভিতৰত সৰুসজাইৰ পৰা সোণাপুৰলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।সোণাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষমা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰিয় […]
মহাকাশতো বিফল হ’ব চীন-পাকিস্তানৰ কৌশল; ISRO এ নিয়োগ কৰিব মহাকাশৰ S400

ISRO এ নিয়োগ কৰিব মহাকাশৰ S400 ভাৰত চৰকাৰে এতিয়া মহাকাশত নিজৰ উপগ্ৰহৰ নিৰাপত্তা সুদৃঢ় কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে এনে পৰিকল্পনা কৰিছে,যাৰ অধীনত ‘বডিগাৰ্ড চেটেলাইট’ প্ৰস্তুত কৰা হ’ব। যেনেকৈ S400 প্ৰতিৰক্ষা ব্যৱস্থাই স্থলভাগত নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ পৰা সুৰক্ষা প্ৰদান কৰে।একেদৰে ISROৰ এই উপগ্ৰহসমূহে মহাকাশত থকা ভাৰতীয় উপগ্ৰহসমূহক শত্ৰু […]
‘চোৰ কৰি উপাৰ্জন কৰা নাই’; মোটা উপাৰ্জনক লৈ স্পষ্টীকৰণ অক্ষয় কুমাৰৰ

মোটা উপাৰ্জনক লৈ স্পষ্টীকৰণ অক্ষয় কুমাৰৰ এবছৰত বহু ছবি নিৰ্মাণৰ বাবে এই উদ্যোগটোৰ অন্যতম অভিনেতা অক্ষয় কুমাৰ বিখ্যাত।ইয়াৰে তেওঁৰ বহু ছবি ছুপাৰহিট,কিছুমান ছবি ফ্লপো হয়। ইয়াৰ উপৰিও অক্ষয় হৈছে এই উদ্যোগৰ অন্যতম সৰ্বাধিক উপাৰ্জন আৰু কৰ পৰিশোধ কৰা অভিনেতা।এনে পৰিস্থিতিত অভিনেতাজনৰ ওপৰত প্ৰায়ে ধনৰ প্ৰতি মোহ থকা বুলি অভিযোগ উত্থাপন হয়। শেহতীয়াকৈ অক্ষয়ে নিজৰ উপাৰ্জনৰ […]