বিশ্ববিদ্যালয় অনুদান আয়োগ বা ইউজিচিয়ে (UGC) ভাৰতৰ পৰম্পৰাগত জ্ঞান বিস্তাৰ আৰু প্ৰচাৰৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা অথবা নেট (UGC NET) ‘আয়ুৰ্বেদ জীৱবিজ্ঞান’ (Ayurveda Biology)ক নতুন বিষয় হিচাপে প্ৰৱৰ্তন কৰিছে আয়োগে ।
বিশেষজ্ঞ সমিতিয়ে আয়ুৰ্বেদ জীৱবিজ্ঞান অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিল-
মাইক্ৰ’ব্লগিং ৱেবছাইট এক্স (অতীতত টুইটাৰ)ত ইয়াৰ অফিচিয়েল একাউণ্টৰ পৰা কৰা এটা পোষ্টত ইউ জি চিয়ে জনাইছে যে নেটৰ বিষয়ত আয়ুৰ্বেদ জীৱবিজ্ঞান যোগ দিয়াৰ সিদ্ধান্ত ২৫ জুন, ২০২৪ তাৰিখে ইউ জি চিৰ ৫৮১ সংখ্যক বৈঠকত লোৱা হৈছিল । ইয়াৰ পূৰ্বে, বিশেষজ্ঞ সমিতিয়ে আয়ুৰ্বেদ জীৱবিজ্ঞানক নেটত নতুন বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিল ।
UGC Updates:
— UGC INDIA (@ugc_india) November 7, 2024
📢 Exciting News for Aspirants!
Ayurveda Biology is now introduced as a subject in the UGC-NET exam. Starting December 2024, candidates can opt for this unique subject, promoting interdisciplinary knowledge and the ancient science of Ayurveda. 📘#UGCNET… pic.twitter.com/TrNMHbK1bs
এনটিএয়ে ইউ জি চি নেট পৰীক্ষা অনুষ্ঠিত কৰে-
ইউ জি চিৰ নেট পৰীক্ষা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা, অৰ্থাৎ এন টি এ-ৰ (NTA) দ্বাৰা অনুষ্ঠিত হয় । শেহতীয়াকৈ, জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ বা জে আৰ এফ বাছনি কৰাৰ যোগ্যতা পৰীক্ষা কৰিবলৈ আৰু ভাৰতীয় বিশ্ববিদ্যালয়বোৰত সহকাৰী অধ্যাপকসকলক নিযুক্তিৰ বাবে নেট পৰীক্ষা ব্যৱহাৰ কৰা হৈছিল, কিন্তু এতিয়া পি.এইচ.ডি.টো বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে নেট ব্যৱহাৰ কৰা হৈছে ।
আয়ুৰ্বেদ জীৱবিজ্ঞানৰ পাঠ্যক্ৰম ইউ জি চি নেট ডিচেম্বৰ, ২০২৪-ত অন্তৰ্ভুক্ত কৰা হ’ব-
আয়ুৰ্বেদ জীৱবিজ্ঞানক নতুন বিষয় হিচাপে নেটত যোগ দিয়াৰ পিছত, বিষয়টোৰ পাঠ্যক্ৰম, অৰ্থাৎ ছিলেবাচ ইউ জি চি নেট ডিচেম্বৰ, ২০২৪-ত অন্তৰ্ভুক্ত কৰা হ’ব । ইউ জি চিৰ এই পদক্ষেপে আয়ুৰ্বেদৰ ক্ষেত্ৰত গৱেষণা আৰু শিক্ষাৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব । বৰ্তমান, আয়ুৰ্বেদ জীৱবিজ্ঞানৰ পাঠ্যক্ৰম ইউ জি চি নেটৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ ।
আয়ুৰ্বেদ জীৱবিজ্ঞানৰ ক্ষেত্ৰত বহুতো লাভালাভ থাকিব-
উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ পৰম্পৰাগত বিজ্ঞানসমূহ একত্ৰিত কৰাৰ দিশত এই গুৰুত্বপূৰ্ণ পদক্ষেপে কেৱল আয়ুৰ্বেদ আৰু সম্পৰ্কিত বিষয়সমূহৰ প্ৰতি অধিক শিক্ষাৰ্থীক আকৰ্ষিত কৰাই নহয়, গৱেষণা আৰু উদ্ভাৱনকো উৎসাহিত কৰিব । ইউ জি চি নেট পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰ পৰা গৱেষণা কৰাৰ সুযোগ পাব, আৰু বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত আয়ুৰ্বেদ জীৱবিজ্ঞান শিকাব, আৰু ইউ জি চিৰ এই পদক্ষেপে আয়ুৰ্বেদিক ঔষধ নিৰ্মাণ কোম্পানী, আয়ুৰ্বেদিক চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব ।