শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড
বিপদে যেন লগ নেৰা হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ।বাংলাদেশৰ পৰা পলাই থকাৰ পিছত এইবাৰ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে বুধবাৰে বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰীক অৱজ্ঞাৰ গোচৰত এই শাস্তি প্ৰদান কৰে। বাংলাদেশলে গ’লেই গ্ৰেপ্তাৰ হ’ব হাছিনা।
ক’ত আছে শ্বেখ হাছিনা
ন্যায়াধীশ মহম্মদ গুলাম মুৰ্তাজা মজুমদাৰৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ তিনিজনীয়া বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
একেটা সিদ্ধান্ততে ন্যায়াধিকৰণে গাইবন্ধাৰ গোবিন্দগঞ্জৰ ছাকিল আকন্দ বুলবুলক দুমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
১১ মাহ পূৰ্বে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ এৰি যোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আৱামী লীগৰ নেত্ৰীগৰাকীক কোনো গোচৰত শাস্তি প্ৰদান কৰা হৈছে। বৰ্তমান ভাৰতত আছে হাছিনা।
হাছিনাৰ দলত নিষেধাজ্ঞা আৰোপ
উল্লেখযোগ্য যে, ইতিমধ্যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ দলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে।
তেওঁৰ দল আৱামী লীগক বাংলাদেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।ইউনুছে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰিছিল।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু বহু গোচৰ
বাংলাদেশত কেইবাটাও গোচৰত বিচাৰৰ সন্মুখীন হৈছে শ্বেখ হাছিনা।হাছিনাৰ বিৰুদ্ধে দুৰ্নীতিৰ পৰা আৰম্ভ কৰি হত্যালৈকে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
বাংলাদেশৰ ইউনুছ চৰকাৰে ভাৰতক প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক ঘূৰাই পঠিয়াবলৈ বাৰে বাৰে অনুৰোধ জনাই আহিছে।অৱশ্যে এই অনুৰোধৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই ভাৰত চৰকাৰে।
লগতে পঢ়ক: ৫খন দেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; ব্ৰিকছ সন্মিলনতো কৰিব অংশগ্ৰহণ