আই চি চি হল অৱ ফেমত অন্তৰ্ভূক্ত মহেন্দ্ৰ সিং ধোনী
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক হল অৱ ফেমত অন্তৰ্ভুক্ত কৰিছে । আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় ক্ৰিকেটত তেওঁৰ অতুলনীয় অৱদানৰ বাবে ধোনীলৈ এই সন্মান আগবঢ়োৱা হৈছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ মাত্ৰ দুদিন পূৰ্বে লণ্ডনত এক অনুষ্ঠান অনুষ্ঠিত হৈছিল য’ত এম এছ ধোনীকে ধৰি ৭ গৰাকী কিংবদন্তি ক্ৰিকেটাৰক আই চি চি হল অৱ ফেম সন্মান প্ৰদান কৰা হয় ।
এম এছ ধোনীৰ উপৰিও মেথিউ হেডেন, গ্ৰেম স্মিথ, ডেনিয়েল ভেট্টৰী আৰু হাছিম আমলাকো হল অৱ ফেমৰ সন্মানেৰে সন্মানিত কৰা হৈছে । এই তালিকাত অন্তৰ্ভুক্ত হোৱা ১১ সংখ্যক ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ধোনী । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ প্ৰায় ৫ বছৰৰ পাছত ধোনীয়ে এই সন্মান লাভ কৰিছে । ২০২০ চনৰ ১৫ আগষ্টত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ধোনীয়ে । ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল মেচখন আছিল মহেন্দ্ৰ সিং ধোনীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ ।
‘কেপ্তেইন কুল’ নামেৰে পৰিচিত এম এছ ধোনী ভাৰতৰ অন্যতম সফল অধিনায়ক হিচাপেও পৰিগণিত হৈছে । তেওঁৰ অধিনায়কত্বত ভাৰতে ৩ টা আই চি চি ট্ৰফী লাভ কৰে । ধোনীৰ অধীনত টিম ইণ্ডিয়াই ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী লাভ কৰে ।
২০০৪ চনত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া মেচৰ জৰিয়তে আন্তৰ্জাতিক ক্ৰিককেটত অভিষেক ঘটাইছিল এম এছ ধোনীয়ে । তিনি বছৰৰ পাছত ২০০৭ চনত তেওঁ টিম ইণ্ডিয়াৰ অধিনায়ক হয় । ২০০৭ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলটোৱে এই যুৱ খেলুৱৈৰ অধিনায়কত্বত খেলিছিল । যেতিয়া ভাৰতে ফাইনেলত পাকিস্তানক পৰাস্ত কৰিছিল তেতিয়া সমগ্ৰ ভাৰতবৰ্ষত আনন্দৰ লহৰ সৃষ্টি হৈছিল । এম এছ ধোনীৰ অধিনায়কত্বত ভাৰতে ২০১০ আৰু ২০১৬ চনত এছিয়া কাপৰ খিতাপো লাভ কৰে । ২০০৮ আৰু ২০০৯ চনত তেওঁ আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে ।
আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত এইসকল ভাৰতীয়-
এই পৰ্যন্ত আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা ভাৰতীয়ৰ নামঃ এম এছ ধোনী, নীতু ডেভিদ, ডায়েনা এদুলজী, শচীন টেণ্ডুলকাৰ, ভীনু মানকাদ, ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, কপিল দেৱ, বিষেন সিং বেদী আৰু সুনীল গাভাস্কাৰ ।
লগতে পঢ়ক : গুৰু গম্ভীৰৰ নিৰীক্ষণত কঠোৰ অনুশীলন ভাৰতীয় টেষ্ট দলৰ; ২০ জুনত প্ৰথম টেষ্ট