দীঘলীপুখুৰী পাৰৰ গছ সংৰক্ষণক লৈ অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দীঘলী পুখুৰীৰ পাৰৰ ঐতিহ্য সংৰক্ষণ কৰা হ’ব বুলি আশ্বাস দিছে । প্ৰতিবাদৰ ২৪ ঘন্টাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস প্ৰদান কৰিছে । ‘প্ৰাচীন গছবোৰ ৰক্ষাৰ বাবে আমি কাম কৰি আছো’ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে লোক নিৰ্মাণ বিভাগক এই ক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, “মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো আমি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ । দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত কৰি ৰখাৰ বাবে কাম কৰি আছোঁ । এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰক আহ্বান জনাইছোঁ ।“