ভাৰতীয় ৰে’লৰ সৈতে সম্পৰ্কিত এটা ডাঙৰ খবৰ ওলাইছে।ৰে’লৱে বিভাগে তেওঁলোকৰ সকলো জ’নলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু কৈছে যে ৰে’ল সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা যিকোনো কামৰ বাবেই গোচৰ পঞ্জীয়ন কৰা হ’ব।
অৰ্থাৎ, যদি এজন ব্যক্তিয়ে ৰে’লৰ ভিতৰত বা ৰে’লৰ ট্ৰেকত ৰীল বনাই, তেন্তে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হ’ব গোচৰ।
প্ৰকৃততে, সামাজিক মাধ্যমত ভাইৰেল হ’বৰ বাবে বহু লোকে ৰে’লৰ ভিতৰত বা আৰু ৰে’ল পথত ৰীল বনাই। বহু ঠাইত দেখা গৈছে যে ৰীল বনোৱাৰ সময়ত চলন্ত ৰে’লৰ পৰা পৰি আঘাতপ্ৰাপ্ত হৈছে।
বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এক উন্মাদনা আছে যে তেওঁলোকে ৰে’লপথলৈ গৈ ৰীল বনাই বা ৰে’লৰ ট্ৰেকক শিল বা আন কিছুমান সামগ্ৰী ৰাখে ।এনে ধৰণৰ ৰীল বনোৱা লোকসকলে নিজৰ লগতে ৰে’ল যাত্ৰীসকলৰ জীৱনো বিপদত পেলায়।
এনে পৰিস্থিতিত, চৰকাৰে ৰে’লপথত আৰু চলন্ত ৰে’লৰ ভিতৰত ৰীল বনোৱা সকলৰ প্ৰতি কঠোৰ মনোভাৱ অৱলম্বন কৰিছে।
যদি এনে কৰা হয়, অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব। ৰে’লৱে ব’ৰ্ডে তেওঁলোকৰ সকলো জ’নক ৰীল বনোৱা সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে।