থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও কাৰ্যসূচীৰে তামিলনাডুত উপস্থিত হয় । প্ৰধানমন্ত্ৰীয়ে ৰামেশ্বৰমত উপস্থিত হৈ নতুন হাইটেক পাম্বন দলং উদ্বোধন কৰে । ৰোড দলঙৰ পৰা এখন ৰেল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰে । লগতে দলংখনৰ কাম-কাজ পৰ্যবেক্ষণ কৰি তথ্য সংগ্ৰহ কৰে । আজি ৰাম নৱমী উপলক্ষে দেশে এই হাই-টেক সাগৰীয় দলংখন লাভ কৰিছে ।
দেশৰ প্ৰথমখন উলম্ব দলঙৰ জৰিয়তে তামিলনাডুৰ মণ্ডপাম ৰেলৱে ষ্টেচনক ৰামেশ্বৰম ৰেলৱে ষ্টেচনৰ সৈতে সংযোগ কৰা হৈছে । ইফালে ৰামেশ্বৰ ৰামনাথস্বামী মন্দিৰত উপস্থিত হৈ পূজা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পিছত ৰামেশ্বৰমতে তামিলনাডুত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰেল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব । এই উপলক্ষে তেওঁ এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব ।
শ্ৰীলংকাৰ পৰা উভতি অহাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম সেতু দৰ্শনৰ ভিডিঅ’ শ্বেয়াৰ কৰে । তেওঁ লিখিছে, আজি ৰাম নৱমী উপলক্ষে শ্ৰীলংকাৰ পৰা উভতি আহোঁতে আকাশৰ পৰা ৰাম সেতুৰ এক ঐশ্বৰিক দৃশ্য দেখিলোঁ । ঐশ্বৰিক সংযোগত ৰাম সেতু ভ্ৰমণৰ সময়তে অযোধ্যাত ৰাম লালাৰ সূৰ্য তিলক দেখাৰ সৌভাগ্যও পাইছিলোঁ । মোৰ প্ৰাৰ্থনা যে ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত থাকক ।
যোৱা বছৰৰ নৱেম্বৰ মাহত নতুন পাম্বন ৰেল দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল । ৰামেশ্বৰমৰ দক্ষিণ ভাৰত সংযোগী পাম্বন দলংখন প্ৰথম ১৯১৪ চনত নিৰ্মাণ কৰা হৈছিল । সেইখনেই আছিল সাগৰৰ ওপৰেৰে নিৰ্মিত ভাৰতৰ প্ৰথমখন ৰেল দলং । ১১১ বছৰৰ পাছত এই দলংখন এতিয়া নতুন ৰূপত সাজু হৈছে ।
এতিয়া নতুন ৰূপত সাজু হৈছে দলঙখন-
কেৱল দুটা পাৰ নহয়, সপোন আৰু সম্ভাৱনাকো সংযোগ কৰা দেশৰ প্ৰথমখন উলম্ব লিফ্ট ৰেল দলং । নতুন দলংখনৰ তাঁৰবোৰ পুৰণি দলঙৰ লগত সংযোগ কৰা হৈছে । ১৯১৪ চনত ভাৰতত দেশৰ প্ৰথমখন সাগৰীয় ৰে’ল দলং নিৰ্মাণ কৰা হৈছিল । নাম আছিল – পাম্বন দলং । তামিলনাডুৰ মণ্ডপমক ৰামেশ্বৰম দ্বীপৰ সৈতে সংযোগ কৰা এই দলংখন ব্ৰিটিছ যুগত নিৰ্মাণ কৰা হৈছিল আৰু ১০০ বছৰতকৈও অধিক সময় দেশক সেৱা আগবঢ়াইছিল যদিও সময় আৰু সাগৰৰ ঢৌৰ তাণ্ডৱত এই দলংখন জৰাজীৰ্ণ হৈ পৰাত ২০২২ চনত বন্ধ হৈ পৰে । এই নতুন দলংখন ব্ৰিটিছ শাসনৰ সময়ত নিৰ্মাণ কৰা পাম্বন দলংখনৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছে, যিখন দলং প্ৰায় ১১১ বছৰ পুৰণি ।