কুৱেইটৰ আমিৰ শ্বেখ মিছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণত অহা ২১ আৰু ২২ ডিচেম্বৰত কুৱেইট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এয়া ৪৩ বছৰৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ প্ৰথম কুৱেইট ভ্ৰমণ হ’ব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় কৰিব ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত আৰু কুৱেইটৰ মাজত পৰম্পৰাগতভাৱে ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে । লগতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত আছে সুদৃঢ় সম্পৰ্ক । ভাৰত কুৱেইটৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ দেশ । ভাৰতীয় সম্প্ৰদায়েই হৈছে কুৱেইটৰ সৰ্ববৃহৎ প্ৰবাসী বৰ্গ । এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ বহুমুখী সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব । শেহতীয়াকৈ কুৱেইটৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা আলী আল-য়াহিয়াই ভাৰত ভ্ৰমণ কৰিছিল । এই সময়ত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰে ।
১৯৮১ চনত ইন্দিৰা গান্ধীয়ে শেষবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিছিল-
উল্লেখযোগ্য যে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে শেষবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিছিল ১৯৮১ চনত । তেতিয়া প্ৰয়াত ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল । ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰত আৰু কুৱেইটৰ মাজত দ্বিপাক্ষিক বাণিজ্য ১০.৪৭ বিলিয়ন ডলাৰ । কুৱেইট ভাৰতৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ দেশ । কুৱেইট ভাৰতৰ ষষ্ঠ বৃহত্তম খাৰুৱা তেল যোগানকাৰী দেশ । ইয়াৰ দ্বাৰা দেশৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ৩ শতাংশ পূৰণ হয় । প্ৰথমবাৰৰ বাবে কুৱেইটলৈ ভাৰতৰ ৰপ্তানি ২ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ভাৰতত কুৱেইট বিনিয়োগ কৰ্তৃপক্ষৰ বিনিয়োগে ১০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিলে । ভাৰতৰ সৈতে সামুদ্ৰিক বাণিজ্য আছিল ইয়াৰ অৰ্থনীতিৰ মেৰুদণ্ড ।
১৯৬১ চনলৈকে কুৱেইটত ভাৰতীয় টকা আইনী মুদ্ৰা আছিল-
১৯৬১ চনলৈকে কুৱেইটত ভাৰতীয় টকা আইনী মুদ্ৰা আছিল । ই দুয়োখন দেশৰ মাজত চিৰস্থায়ী অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্কৰ প্ৰতীক । ১৯৬১ চনত দুয়োখন দেশৰ মাজত আনুষ্ঠানিকভাৱে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হয় । আমিৰ শ্বেখ মিছাল আল আহমদ আল-জাবেৰ আল-ছাবাহে ২০১৭ চনৰ জুলাই মাহত ব্যক্তিগত ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰিছিল ।