কুৱেইটে ভুলতে ধ্বংস কৰিলে এফ-১৫ যুদ্ধ বিমানঃ আমেৰিকাৰ বিবৃতি

কুৱেইটে ভুলতে তিনিখন আমেৰিকান বায়ুসেনাৰ এফ-১৫ই ষ্ট্ৰাইক ঈগল জেট বিমান ভূপতিত কৰে

সোমবাৰে আমেৰিকান সেনাই প্ৰকাশ কৰা অনুসৰি ইৰাণ আক্ৰমণৰ সময়ত কুৱেইটে “ভুলতে” তিনিখন আমেৰিকান বায়ুসেনাৰ এফ-১৫ই ষ্ট্ৰাইক ঈগল জেট বিমান ভূপতিত কৰে । আমেৰিকান সেনাৰ চেণ্ট্ৰেল কমাণ্ডৰ মতে, এই যুদ্ধত ইৰাণৰ বিমান, বেলিষ্টিক মিছাইল আৰু ড্ৰ’নৰ আক্ৰমণ জড়িত আছিল । এই সংঘাতত ইৰাণৰ পুৰণি যুঁজাৰু বিমানে প্ৰথমবাৰৰ বাবে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে ।

চেণ্ট্ৰেল কমাণ্ডে কয় যে, “আমেৰিকাৰ বায়ুসেনাৰ যুদ্ধ বিমান ভুলবশতঃ কুৱেইটৰ বায়ু প্ৰতিৰক্ষাৰ দ্বাৰা ধ্বংস কৰা হয় ।” ছয়জন এয়াৰ ক্ৰুৱ নিৰাপদে বাহিৰ হৈছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ । কুৱেইটে এই কাণ্ড স্বীকাৰ কৰে আৰু চলি থকা অভিযানত কুৱেইটৰ প্ৰতিৰক্ষা বাহিনীক সহায় কৰাৰ বাবে আমেৰিকাৰ সেনাই কৃতজ্ঞতা প্ৰকাশ কৰে ।

কুৱেইটত ধ্বংস হোৱা এফ-১৫ যুঁজাৰু বিমানৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঠিক পূৰ্বেই পাইলটে বাহিৰলৈ ওলাই আহিছে । আন এটা ভিডিঅ’ত দেখা গৈছে যে জেট বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত স্থানীয় লোক আৰু কুৱেইটৰ বিষয়াই এজন যুঁজাৰু পাইলটক উদ্ধাৰ কৰিছে ।

উল্লেখ্য যে, মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই এফ-১৫ বিমান ধ্বংস হৈছে । ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱাৰ পিছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ।

ইৰাণে এতিয়া সমগ্ৰ অঞ্চলটোত আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে । ইফালে আমেৰিকা আৰু ইজৰাইলে ইৰাণক আৰু নবঢ়াবলৈ সকীয়াই দিছে ।

লগতে পঢ়ক : ইৰাণৰ ভয়ংকৰ আক্ৰমণ, কুৱেইটত ধ্বংস হ’ল আমেৰিকান ফাইটাৰ জেট

কুৱেইট ভ্ৰমণ সম্পূৰ্ণ কৰি দিল্লীলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী, কিয় ঐতিহাসিক আছিল এই যাত্ৰা

দুদিনীয়া কুৱেইট ভ্ৰমণৰ সামৰি দেওবাৰে নিশা দিল্লীৰ আই এফ এছ পালাম বিমানবন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৪৩ বছৰৰ পিছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ এয়া আছিল প্ৰথম কুৱেইট ভ্ৰমণ । কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহৰ আমন্ত্ৰণত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী । তেওঁ কুৱেইটত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰত-কুৱেইটৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে ।

উপসাগৰীয় দেশখনত যোগৰ প্ৰচাৰ কৰা কুৱেইটৰ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তিৰ সৈতেও প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে । তেওঁ কুৱেইটৰ আমিৰ মেছাল আল-আহমদ আল-জাবেৰ আল-ছাবাহৰ সৈতে ফাৰ্মাচিউটিকেল, আই টি, ফিনটেক আৰু নিৰাপত্তাৰ দৰে মূল খণ্ডত সহযোগিতাৰ বিষয়ে আলোচনা কৰে । দুয়োজন নেতাই দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিবলৈ সন্মত হয় । কুৱেইটৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদী ভাৰতলৈ ওভতাৰ সময়ত বিমানবন্দৰত বিদায় দিবলৈয়ো উপস্থিত হয় ।

কুৱেইটৰ শীৰ্ষ নেতৃত্বৰ সৈতে হোৱা আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক বায়ান পেলেচত আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰ দিয়া হয় । প্ৰধানমন্ত্ৰী মোদীৰ কুৱেইট ভ্ৰমণৰ দ্বিতীয় দিনা তেওঁক উষ্ম আদৰণি জনায় কুৱেইটৰ প্ৰধানমন্ত্ৰী আহমেদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহে । ভাৰত আৰু কুৱেইটৰ মাজত শক্তিশালী ঐতিহাসিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক স্মৰণ কৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামৰ এটা পোষ্টত কয়, ‘কুৱেইটৰ আমিৰ শ্বেখ মেছাল আল আহমদ আল-জাবেৰ আল ছাবাহৰ সৈতে হোৱা বৈঠক অতি উত্তম আছিল । আমি ফাৰ্মাচিউটিকেলছ, আই টি, ফিনটেক, আন্তঃগাঁথনি আৰু নিৰাপত্তাৰ দৰে মূল ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰিলোঁ । আমাৰ দেশসমূহৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ লগত খাপ খুৱাই আমি আমাৰ অংশীদাৰিত্বক কৌশলগত স্তৰলৈ উন্নীত কৰিছো আৰু মই আশা কৰিছো যে আগন্তুক সময়ত আমাৰ বন্ধুত্ব আৰু অধিক শক্তিশালী হৈ উঠিব আৰু কুৱেইটৰ অধ্যক্ষতাত ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব ।‘

প্ৰধানমন্ত্ৰী মোদীলৈ কুৱেইটৰ সৰ্বোচ্চ সন্মান…ভাৰতৰ প্ৰধানমন্ত্ৰীক ‘দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰ’ প্ৰদান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেওবাৰে (২২ ডিচেম্বৰ, ২০২৪) কুৱেইট ভ্ৰমণৰ অন্তিম দিনা বায়ান পেলেচত গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । কুৱেইটে প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ সন্মান দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰক সন্মান প্ৰদান কৰে । বায়ান প্ৰাসাদ কুৱেইটৰ ক্ষমতাৰ প্ৰতীক আৰু ইয়াত বহু দেশৰ দূতাবাসো আছে ।

যিকোনো দেশে প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা এয়া ২০ সংখ্যক আন্তৰ্জাতিক সন্মান । এই অৰ্ডাৰ বন্ধুত্বৰ প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছে । বিদেশী ৰাষ্ট্ৰপতি আৰু বিদেশী ৰাজপৰিয়ালৰ সদস্যক প্ৰদান কৰা হয় এই সন্মান । ইয়াৰ পূৰ্বে এই সন্মান বিল ক্লিণ্টন, প্ৰিন্স চাৰ্লছ আৰু জৰ্জ বুশ্বৰ দৰে বিদেশী নেতাক প্ৰদান কৰা হৈছে ।

দুয়োখন দেশৰ মাজত হ’ব বহু চুক্তি-

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজতো বহু চুক্তি স্বাক্ষৰিত হ’ব । উপসাগৰীয় দেশসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ভাৰত চৰকাৰে কাম কৰি আছে । বিশেষকৈ বাণিজ্য, বিনিয়োগ আৰু শক্তিৰ ক্ষেত্ৰত ভাৰত-কুৱেইট সম্পৰ্কক নতুন গতি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ।

ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

কুৱেইটৰ আমন্ত্ৰণত শনিবাৰে (২১ ডিচেম্বৰ ২০২৪) ইয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । এই উপসাগৰীয় দেশখনলৈ যোৱা ৪৩ বছৰৰ ভিতৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ । শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় সম্প্ৰদায়ৰ এক অনুষ্ঠানত ভাষণ দিয়াৰ লগতে ভাৰতীয় শ্ৰমিক শিবিৰো পৰিদৰ্শন কৰে । ভাৰত কুৱেইটৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ আৰু ভাৰতীয় সম্প্ৰদায় কুৱেইটৰ সৰ্ববৃহৎ প্ৰবাসী সম্প্ৰদায় ।

আৰবীয়ান গাল্ফ কাপৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ, কুৱেইটৰ আমিৰকো সাক্ষাৎ

শনিবাৰে (২১ ডিচেম্বৰ) কুৱেইটত অনুষ্ঠিত ২৬ সংখ্যক আৰবীয়ান গাল্ফ কাপৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই উপলক্ষে তেওঁ কুৱেইটৰ আমিৰ শ্বেইখ মাছাল আল আহমদ আল-জাবেৰ আল-ছাবাহক সাক্ষাৎ কৰে । এই ফুটবল প্ৰতিযোগিতাৰ আয়োজনৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰা সকলো দেশকে শুভেচ্ছা জনায় । আৰবীয়ান গাল্ফ কাপত গাল্ফ ক’অপাৰেচন কাউন্সিল (জি চি চি)ৰ সদস্য ৰাষ্ট্ৰ, ইৰাক আৰু য়েমেনৰ দৰে আঠখন দেশে অংশগ্ৰহণ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ বিশেষভাৱে ঐতিহাসিক কাৰণ ৪৩ বছৰৰ পাছত কুৱেইটলৈ কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিছে । দুদিনীয়া ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে ‘হালা মোদী’ নামৰ এক বিশেষ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে । তেওঁ বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতীয় সম্প্ৰদায়ৰ অৱদানৰ প্ৰশংসা কৰে আৰু ভাৰতক “বিশ্বৰ দক্ষতা ৰাজধানী” হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ।

ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

কুৱেইটত ভাৰতীয় জনগোষ্ঠীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰতিভা, প্ৰযুক্তি আৰু পৰম্পৰাই কুৱেইটত এক বিশেষ স্থানৰ সৃষ্টি কৰিছে । ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী ১০১ বছৰীয়া প্ৰাক্তন বিষয়া আৰু ৰামায়ণ আৰু মহাভাৰত আৰবীলৈ অনুবাদ কৰা দুজন কুৱেইট নাগৰিককো সাক্ষাৎ কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ ১৫০০ ভাৰতীয় নাগৰিকৰ শ্ৰম শিবিৰ পৰিদৰ্শন কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয় ।

আগন্তুক বৈঠকত প্ৰধানমন্ত্ৰীৰ চকু-

তথ্য অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনা কুৱেইটৰ আমিৰ, ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব । এই ভ্ৰমণক ভাৰত আৰু কুৱেইটৰ মাজত সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

প্ৰতিশ্ৰুতি পূৰণঃ কুৱেইটত ১০১ বছৰীয়া প্ৰাক্তন IFS বিষয়াক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শনিবাৰে কুৱেইটত উষ্ম আদৰণি জনোৱা হয় । দেশখনত উপস্থিত হোৱাৰ লগে লগে তেওঁ প্ৰথমে ১০১ বছৰীয়া প্ৰাক্তন আমোলা মংগল ছেইন হাণ্ডাক লগ পোৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰে । আৰবী ভাষাত ৰামায়ণ আৰু মহাভাৰত প্রকাশ কৰা আব্দুল্লাতিফ আলনেছিফ আৰু আৰবী ভাষালৈ অনুবাদ কৰা আব্দুল্লা বাৰেনকো সাক্ষাৎ কৰে তেওঁ ।

আৰবী অনুবাদক লৈ সুখ প্ৰকাশ-

আব্দুল্লাতিফ আলনেছিফ আৰু আব্দুল্লা বেৰেনৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰামায়ণ আৰু মহাভাৰতৰ আৰবী সংস্কৰণ দেখি তেওঁ আনন্দিত হৈছে । অটোগ্ৰাফ দি তেওঁ এই কামক প্ৰশংসনীয় বুলি অভিহিত কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ এই পদক্ষেপে বিশ্বজুৰি ভাৰতীয় সংস্কৃতিৰ জনপ্ৰিয়তাক উজ্জ্বল কৰি তুলিছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদী হোটেলত উপস্থিত হোৱাৰ লগে লগে তাত সমবেত ভাৰতীয় সম্প্ৰদায়ৰ লোকে তেওঁক কথকলী নৃত্যৰে আদৰণি জডনাই । ইয়াত প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন আই এফ এছ বিষয়া মংগল ছেইন হাণ্ডাকে ধৰি ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰে । মংগল ছেইনে বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ ইৰাক, কুৱেইট, চীন, আৰ্জেণ্টিনা, ব্ৰিটেইন, আৰু কম্বোডিয়াত নিযুক্তি লাভ কৰিছিল । হুইল চেয়াৰত আহি উপস্থিত হোৱা হাণ্ডাক প্ৰধানমন্ত্ৰীৰ সৈতে হাত মিলাই খুব সুখী যেন পৰিলক্ষিত হয় ।

প্ৰধানমন্ত্ৰীয়ে শনিবাৰে পুৱা ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত লিখিছিল যে প্ৰবাসী সম্প্ৰদায়ৰ সৈতে হোৱা বৈঠকৰ সময়ত হাণ্ডাক লগ পাবলৈ তেওঁ আগ্ৰহী । ইয়াৰ পূৰ্বে শ্ৰেয়া জুনেজাই কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীক তেওঁৰ ককাদেউতাকক লগ কৰিবলৈ অনুৰোধ জনাইছিল । কুৱেইট চহৰৰ ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখে যে এই আদৰণিত তেওঁ আপ্লুত হৈ পৰিছে ।

কুৱেইটত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, আমিৰ আৰু ক্ৰাউন প্ৰিন্সক কৰিব  সাক্ষাৎ

দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইট উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৪৩ বছৰৰ পাছত প্রথমবাৰৰ বাবে ভাৰতৰ কোনো প্রধানমন্ত্রী কুৱেইট ভ্রমণত উপস্থিত হৈছে ৷ উল্লেখ্য যে ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ ক্ৰাউন প্ৰিন্সক সাক্ষাৎ কৰিছিল । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে কুৱেইটৰ আমিৰ মহামহিম শ্বেখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইট ভ্ৰমণ কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত এক নতুন অধ্যায় আৰম্ভ কৰিব বুলি আশা কৰা হৈছে । বৈদেশিক মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা, বাণিজ্য আৰু অন্যান্য ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ওপৰত আলোচনা হ’ব ।

২১ ডিচেম্বৰ, ২০২৪ শনিবাৰ-

-গালফ স্পিক লেবাৰ কেম্প ভ্ৰমণ

-শ্বেইখ সাদ আল আব্দুল্লাহ ইনড’ৰ স্প’ৰ্টছ কমপ্লেক্সত সামূহিক অনুষ্ঠান

>-গালফ কাপ (ফুটবল) মুকলি অনুষ্ঠান

দেওবাৰ, ২২ ডিচেম্বৰ, ২০২৪-

বায়ান পেলেচত গাৰ্ড অৱ অনাৰ

-কুৱেইটৰ আমিৰৰ সৈতে বৈঠক

-কুৱেইটৰ ক্ৰাউন প্ৰিন্সৰ সৈতে সাক্ষাৎ

-কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক আৰু পৰৱৰ্তী বুজাবুজি চুক্তি স্বাক্ষৰ

-প্ৰেছ ব্রিফিং

-দিল্লীলৈ যাত্ৰা

-দিল্লীৰ বায়ুসেনা ষ্টেচন পালামত উপস্থিত

৪৩ বছৰৰ পিছত প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী…২১ ডিচেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া কুৱেইট ভ্ৰমণ

কুৱেইটৰ আমিৰ শ্বেখ মিছাল আল আহমদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণত অহা ২১ আৰু ২২ ডিচেম্বৰত কুৱেইট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এয়া ৪৩ বছৰৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ প্ৰথম কুৱেইট ভ্ৰমণ হ’ব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় কৰিব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত আৰু কুৱেইটৰ মাজত পৰম্পৰাগতভাৱে ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে । লগতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত আছে সুদৃঢ় সম্পৰ্ক । ভাৰত কুৱেইটৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ দেশ । ভাৰতীয় সম্প্ৰদায়েই হৈছে কুৱেইটৰ সৰ্ববৃহৎ প্ৰবাসী বৰ্গ । এই ভ্ৰমণে ভাৰত আৰু কুৱেইটৰ বহুমুখী সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব । শেহতীয়াকৈ কুৱেইটৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা আলী আল-য়াহিয়াই ভাৰত ভ্ৰমণ কৰিছিল । এই সময়ত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰে ।

১৯৮১ চনত ইন্দিৰা গান্ধীয়ে শেষবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিছিল-

উল্লেখযোগ্য যে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে শেষবাৰৰ বাবে কুৱেইট ভ্ৰমণ কৰিছিল ১৯৮১ চনত । তেতিয়া প্ৰয়াত ইন্দিৰা গান্ধীয়ে কুৱেইট ভ্ৰমণ কৰিছিল । ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰত আৰু কুৱেইটৰ মাজত দ্বিপাক্ষিক বাণিজ্য ১০.৪৭ বিলিয়ন ডলাৰ । কুৱেইট ভাৰতৰ অন্যতম শীৰ্ষ বাণিজ্যিক অংশীদাৰ দেশ । কুৱেইট ভাৰতৰ ষষ্ঠ বৃহত্তম খাৰুৱা তেল যোগানকাৰী দেশ । ইয়াৰ দ্বাৰা দেশৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ৩ শতাংশ পূৰণ হয় । প্ৰথমবাৰৰ বাবে কুৱেইটলৈ ভাৰতৰ ৰপ্তানি ২ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ভাৰতত কুৱেইট বিনিয়োগ কৰ্তৃপক্ষৰ বিনিয়োগে ১০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিলে । ভাৰতৰ সৈতে সামুদ্ৰিক বাণিজ্য আছিল ইয়াৰ অৰ্থনীতিৰ মেৰুদণ্ড ।

১৯৬১ চনলৈকে কুৱেইটত ভাৰতীয় টকা আইনী মুদ্ৰা আছিল-

১৯৬১ চনলৈকে কুৱেইটত ভাৰতীয় টকা আইনী মুদ্ৰা আছিল । ই দুয়োখন দেশৰ মাজত চিৰস্থায়ী অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্কৰ প্ৰতীক । ১৯৬১ চনত দুয়োখন দেশৰ মাজত আনুষ্ঠানিকভাৱে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হয় । আমিৰ শ্বেখ মিছাল আল আহমদ আল-জাবেৰ আল-ছাবাহে ২০১৭ চনৰ জুলাই মাহত ব্যক্তিগত ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰিছিল ।