ইৰাণৰ ভয়ংকৰ আক্ৰমণ, কুৱেইটত ধ্বংস হ’ল আমেৰিকান ফাইটাৰ জেট

ইৰাণৰ ভয়ংকৰ আক্ৰমণ, কুৱেইটত ধ্বংস হ’ল আমেৰিকান ফাইটাৰ জেট

ইজৰাইল-আমেৰিকাৰ বিমান আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ মৃত্যু হৈছে ইৰাণৰ ওপৰত ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটো যুদ্ধৰ কলীয়া ডাৱৰে আগুৰি ধৰিছে । এই আক্ৰমণৰ পিছত ইৰাণে ইজৰাইল, ইৰাক, ইউ এ ইকে ধৰি কেইবাখনো দেশলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি প্ৰত্যাক্ৰমণ

ইজৰাইল-আমেৰিকাৰ বিমান আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ মৃত্যু হৈছে

ইৰাণৰ ওপৰত ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটো যুদ্ধৰ কলীয়া ডাৱৰে আগুৰি ধৰিছে । এই আক্ৰমণৰ পিছত ইৰাণে ইজৰাইল, ইৰাক, ইউ এ ইকে ধৰি কেইবাখনো দেশলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি প্ৰত্যাক্ৰমণ কৰে । ইফালে ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত এতিয়াও আক্ৰমণ অব্যাহত ৰাখিছে । ইফালে ইজৰাইল-আমেৰিকাৰ বিমান আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ মৃত্যু হৈছে ।

কুৱেইটত ধ্বংস হ’ল আমেৰিকাৰ এফ-১৫ যুঁজাৰু বিমান-

ইফালে ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে কুৱেইটত আমেৰিকাৰ এখন সামৰিক যুদ্ধ বিমান এফ-১৫ ধ্বংস হৈছে । দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ও প্ৰকাশ পাইছে, য’ত দেখা গৈছে যে আকাশতে বিমানখনত জুই লাগিছে । এফ-১৫ যুদ্ধ বিমানক বিশ্বৰ অন্যতম মাৰাত্মক আৰু উন্নত যুদ্ধ বিমান বুলি গণ্য কৰা হয় । কিন্তু বিমানখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে পেৰাচুট লৈ পলায়ন কৰে পাইলটে । অৱশ্যে এই খবৰ এতিয়াও কোনেও নিশ্চিত কৰা নাই । আমেৰিকা বা কুৱেইটৰ সেনাবাহিনীৰ কোনোৱে বিবৃতি প্ৰদান কৰা নাই ।

কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই ঘটনাৰ পিছতে আমেৰিকাৰ কেইবাখনো যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে । এই ঘটনাৰ মুঠ সংখ্যা আৰু সবিশেষ স্পষ্ট হোৱা নাই । ভিডিঅ’ ফুটেজত দেখা গৈছে যে বিমানখন জুইৰ শিখাই আগুৰি ধৰিছে আৰু দ্ৰুতগতিত তললৈ নামি আহিছে ।

লগতে পঢ়ক : ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ, প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত মিছাইল নিক্ষেপ