বলীউডৰ প্ৰিয় দম্পতী সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালে ২০২৪ চনৰ ২৩ জুনত বিবাহ পাশত আৱদ্ধ হয়,যিয়ে অনুৰাগী আৰু সংবাদ মাধ্যমক আকৰ্ষণ কৰিছিল।
শেহতীয়াকৈ, সোণাক্ষীৰ গৰ্ভধাৰণৰ এটা বাতৰিয়েও চৰ্চা লাভ কৰিছে। বহুত অনুৰাগীয়ে দুয়োকে এই খবৰৰ বাবে শুভেচ্ছাও জনাইছে।
কিন্তু তাৰ মাজতে অভিনেত্ৰী গৰাকীয়ে এটা সাক্ষাৎকাৰত এই বাতৰিটোক লৈ সকলো খুলি কৈছে।
অভিনেত্ৰী সোনাক্ষী সিনহাই অনুৰাগী সকলৰ এই বাতৰিটোক মিছা বুলি কৈছে। তেওঁ কৈছে যে “ৰাইজ মই মাতৃ হ’বলৈ ওলোৱা নাই , মই মাত্ৰ শকত হে হৈছো”।
তেওঁ লগতে কয় যে ‘বহুলোকে ইতিমধ্যে জাহিৰক অভিনন্দনো দিছে। কিন্তু এই সকলোবোৰ মিছা’। তেওঁলোকে বৰ্তমান সন্তানৰ কথা ভবা নাই , এতিয়া কেৱল ঘূৰা-ফুৰাৰ বাহিৰে বেলেগ কথাত গুৰুত্ব দিবলৈ সময় নাই।
Post Views: 267