প্ৰথমবাৰলৈ মছজিদত সোনাক্ষী; স্বামী ইকবালে ক’লে এই কথা

স্বামী ইকবালে ক’লে এই কথা

সোনাক্ষী সিনহা আৰু জাহীৰ ইকবাল অনুৰাগীৰ প্ৰিয় দম্পতী হিচাপে পৰিগণিত হৈছে। বিয়াৰ পিছতো দুয়ো বন্ধুৰ দৰে ধেমালি কৰি থাকে। আৰু তেওঁলোকৰ ভিডিঅ’বোৰ দৰ্শকে চাই ভাল পায়। অৱশ্যে দুয়োৰে বিবাহক লৈ যথেষ্ট চৰ্চাও হৈছিল।

এতিয়া অভিনেত্ৰী গৰাকীয়ে দৈনিক vlog শ্বেয়াৰ কৰি অনুৰাগীসকলক তেওঁলোক আবু-ধাবিত থকাৰ কথা উল্লেখ কৰে।

সোনাক্ষীয়ে কয় যে, “আবুধাবিত থাকি মই বিৰাট ভাল পাইছো। কাৰণ এইবাৰ প্ৰথমবাৰৰ বাবে মছজিদলৈ যাবলৈ ওলাইছো। মই মন্দিৰ আৰু গীৰ্জালৈ গৈছো, কিন্তু মছজিদলৈ কেতিয়াও যোৱা নাই।

মছজিদলৈ যোৱাৰ সন্দৰ্ভত সোনাক্ষীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাহীৰ ইকবালে কয়, মই স্পষ্টকৈ কওঁ যে, মই তাইক ধৰ্ম পৰিৱৰ্তন কৰিবলৈ লৈ যোৱা নাই।

মাত্ৰ ধুনীয়া ঠাইখন চাবলৈ হে নিছো। যেনেদৰে আমি মন্দিৰ আৰু গীৰ্জালৈ চাবলৈ যাওঁ, তেনেকৈ মছজিদ চাবলৈহে যাওঁ। সোণাক্ষী আৰু জাহীৰৰ এই মৰমৰ বাবেই অনুৰাগী সকলে তেওঁলোকক যথেষ্ট পছন্দ কৰে।

লগতে পঢ়ক: বিবাহ বাৰ্ষিকীৰ বিশেষ উপহাৰ;ৰাজকুমাৰ ৰাওৰ ঘৰলৈ আহিল দেৱকন্যা

মাতৃ হ’বলৈ ওলাইছে নেকি সোনাক্ষী সিনহা? শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট

মাতৃ হ’বলৈ ওলাইছে নেকি সোনাক্ষী সিনহা

শেহতীয়াকৈ সোনাক্ষী সিনহাই তেওঁৰ ব্যক্তিগত জীৱনৰ এক মজাৰ কথা শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ গৰ্ভাৱস্থাৰ কথা স্পষ্ট কৰিছে।বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহাই ২০২৪ চনত বিবাহপাশত আবদ্ধ হয়।

অভিনেতা জহীৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল।শেহতীয়াকৈ সোনাক্ষী লাইমলাইটলৈ আহিছে।

অভিনেত্ৰী গৰাকী গৰ্ভৱতী বুলি প্ৰচাৰ হৈছিল।এতিয়া অভিনেত্ৰীগৰাকীয়ে স্বামী জহীৰ ইকবালৰ সৈতে এটা পোষ্ট শ্বেয়াৰ কৰিছে।

সোনাক্ষীয়ে জহীৰ ইকবালৰ সৈতে হোৱা কথা-বতৰাৰ স্ক্ৰীণশ্বট ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । য’ত স্বামী জহীৰ ইকবালে সোনাক্ষীক সময়মতে খাদ্য খোৱাক লৈ চিন্তা কৰা দেখিবলৈ পোৱা গৈছে।

পোষ্টটোত জহীৰে সোনাক্ষীৰ বাবে চিন্তা কৰা দেখিবলৈ পোৱা গৈছে। যাৰ বাবে বহু লোকে সোণাক্ষী মাতৃ হ’বলৈ ওলাইছে বুলি ধাৰণা কৰিছে।

কিন্তু এতিয়া সোনাক্ষীয়ে এই কথাৰ উত্তৰ দি কৈছে যে এতিয়ালৈকে তেনেকুৱা একো নাই।তেওঁ বৰ্তমান নিজৰ কামক লৈ ব্যস্ত হৈ আছে।প্ৰচাৰ হৈ থকা সকলো খবৰ উৰাবাতৰি বুলি কৈছে অভিনেত্ৰী গৰাকীয়ে।

লগতে পঢ়ক:“ৱেব ছিৰিজত অন্তৰংগ দৃশ্য আৰু গালি-গালাজৰ কোনো অৰ্থ নাই”; পৰেশ ৰাৱালৰ ডাঙৰ মন্তব্য 

মাতৃ হ’বলৈ ওলাইছে নেকি সোনাক্ষী সিনহা ? অনুৰাগীক দিলে কিহৰ ইংগিত

বলীউডৰ প্ৰিয় দম্পতী সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালে ২০২৪ চনৰ ২৩ জুনত বিবাহ পাশত আৱদ্ধ হয়,যিয়ে অনুৰাগী আৰু সংবাদ মাধ্যমক আকৰ্ষণ কৰিছিল।

শেহতীয়াকৈ, সোণাক্ষীৰ গৰ্ভধাৰণৰ এটা বাতৰিয়েও চৰ্চা লাভ কৰিছে। বহুত অনুৰাগীয়ে দুয়োকে এই খবৰৰ বাবে শুভেচ্ছাও জনাইছে।

কিন্তু তাৰ মাজতে অভিনেত্ৰী গৰাকীয়ে এটা সাক্ষাৎকাৰত এই বাতৰিটোক লৈ সকলো খুলি কৈছে।  

অভিনেত্ৰী সোনাক্ষী সিনহাই অনুৰাগী সকলৰ এই বাতৰিটোক মিছা বুলি কৈছে। তেওঁ কৈছে যে “ৰাইজ মই মাতৃ হ’বলৈ ওলোৱা নাই , মই মাত্ৰ শকত হে হৈছো”।

তেওঁ লগতে কয় যে ‘বহুলোকে ইতিমধ্যে জাহিৰক অভিনন্দনো দিছে। কিন্তু এই সকলোবোৰ মিছা’। তেওঁলোকে বৰ্তমান সন্তানৰ কথা ভবা নাই , এতিয়া কেৱল ঘূৰা-ফুৰাৰ বাহিৰে বেলেগ কথাত গুৰুত্ব দিবলৈ সময় নাই।