বিবাহ বাৰ্ষিকীৰ বিশেষ উপহাৰ;ৰাজকুমাৰ ৰাওৰ ঘৰলৈ আহিল দেৱকন্যা

বিবাহ বাৰ্ষিকীৰ বিশেষ উপহাৰ;ৰাজকুমাৰ ৰাওৰ ঘৰলৈ আহিল দেৱকন্যা

ৰাজকুমাৰ ৰাওৰ ঘৰলৈ আহিল দেৱকন্যা বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাওৰ ঘৰৰ পৰা এটা ভাল খবৰ আহিছে।পিতৃ-মাতৃ হ’ল ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখা। এটি কন্যা সন্তান জন্ম দিয়ে পত্ৰলেখাই।অভিনেতা গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰটো ভাগ-বতৰা কৰিছে। দম্পতীহালে ১৫ নৱেম্বৰৰ পুৱাই অনুৰাগীক এই ভাল খবৰটো দিছে।সামাজিক মাধ্যমত তেওঁলোকে

ৰাজকুমাৰ ৰাওৰ ঘৰলৈ আহিল দেৱকন্যা

বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাওৰ ঘৰৰ পৰা এটা ভাল খবৰ আহিছে।পিতৃ-মাতৃ হ’ল ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখা।

এটি কন্যা সন্তান জন্ম দিয়ে পত্ৰলেখাই।অভিনেতা গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰটো ভাগ-বতৰা কৰিছে।

দম্পতীহালে ১৫ নৱেম্বৰৰ পুৱাই অনুৰাগীক এই ভাল খবৰটো দিছে।সামাজিক মাধ্যমত তেওঁলোকে লিখিছে যে,আমি চন্দ্ৰত আছো। আমাৰ ৪ৰ্থ বিবাহ বাৰ্ষিকীত ভগৱানে আমাক আটাইতকৈ ডাঙৰ আশীৰ্বাদ দিছে।  

ৰাজকুমাৰ আৰু পত্ৰলেখাই ২০২১ চনৰ ১৫ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল। শনিবাৰে দুয়োৱে বিবাহৰ চাৰি বছৰ উদযাপন কৰিছিল।

বিবাহ বাৰ্ষিকীৰ দিনাই কন্যা সন্তানটি জন্মৰ পিছত তেওঁলোকৰ সুখ দুগুণ হৈছে। এতিয়া তেওঁলোকে বিবাহ বাৰ্ষিকী আৰু কন্যাৰ জন্মদিন একেলগে উদযাপন কৰিবলৈ পাৰিব।

লগতে পঢ়ক: শ্ৰেয়া ঘোষালৰ লাইভ শ্ব’ত অঘটন; নিয়ন্ত্ৰণহীন দৰ্শক