শ্ৰেয়া ঘোষালৰ লাইভ শ্ব’ত অঘটন; নিয়ন্ত্ৰণহীন দৰ্শক

শ্ৰেয়া ঘোষালৰ লাইভ শ্ব’ত অঘটন; নিয়ন্ত্ৰণহীন দৰ্শক

শ্ৰেয়া ঘোষালৰ লাইভ শ্ব’ত অঘটন ওড়িশাৰ কটকত অনুষ্ঠিত বিখ্যাত বালি যাত্ৰাৰ অন্তিম দিনটোত বৃহস্পতিবাৰে সন্ধিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।বৃহস্পতিবাৰে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালৰ লাইভ কনচাৰ্ট অনুষ্ঠিত হয়। অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে মঞ্চৰ কাষত হাজাৰ হাজাৰ লোকৰ ভিৰ গোট খোৱাৰ ফলত হঠাতে পৰিস্থিতিৰ

শ্ৰেয়া ঘোষালৰ লাইভ শ্ব’ত অঘটন

ওড়িশাৰ কটকত অনুষ্ঠিত বিখ্যাত বালি যাত্ৰাৰ অন্তিম দিনটোত বৃহস্পতিবাৰে সন্ধিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।বৃহস্পতিবাৰে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালৰ লাইভ কনচাৰ্ট অনুষ্ঠিত হয়।

অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে মঞ্চৰ কাষত হাজাৰ হাজাৰ লোকৰ ভিৰ গোট খোৱাৰ ফলত হঠাতে পৰিস্থিতিৰ অৱনতি ঘটিবলৈ ধৰিলে।

দৰ্শকৰ সংখ্যা ইমানেই বেছি আছিল যে মূল মঞ্চৰ সন্মুখৰ বেৰিকেডবোৰে ভাঙিবলৈ চেষ্টা কৰে।সকলোৱে মঞ্চৰ ওচৰ চাপিব বিচাৰিছিল, যাৰ ফলত ঠেলা-হেঁচা বৃদ্ধি পাইছিল।  

ভিৰৰ হেঁচা বাঢ়ি অহাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল আৰু বহু লোকে আতংকিত হৈ ইফালে সিফালে দৌৰিবলৈ ধৰিলে।এই বিশৃংখলতাৰ মাজতে দুজন লোক অচেতন হৈ বাগৰি পৰে।

পৰিস্থিতি অনিয়ন্ত্ৰিত হোৱাৰ লগে লগে তাৰ উপস্থিত থকা সুৰক্ষাকৰ্মী আৰু প্ৰশাসনৰ লোকে ততাতৈয়াকৈ লোক দুজনক হাস্পতালত ভৰ্তি কৰে।অৱশ্যে বৰ্তমান কোনো ডাঙৰ দুৰ্ঘটনাৰ খবৰ পোৱা নাই।

লগতে পঢ়ক: ৰাম চৰণৰ ছবি ওপৰত দিল্লী বিস্ফোৰণৰ প্ৰভাৱ; পিছুৱাই দিয়া হ’ল শ্বুটিং