ৰাম চৰণৰ ছবি ওপৰত দিল্লী বিস্ফোৰণৰ প্ৰভাৱ; পিছুৱাই দিয়া হ’ল শ্বুটিং

ৰাম চৰণৰ ছবি ওপৰত দিল্লী বিস্ফোৰণৰ প্ৰভাৱ; পিছুৱাই দিয়া হ’ল শ্বুটিং

ৰাম চৰণৰ ছবি ওপৰত দিল্লী বিস্ফোৰণৰ প্ৰভাৱ ১০ নৱেম্বৰত ৰাজধানী দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত সংঘটিত হোৱা সন্ত্ৰাসবাদী বোমা বিস্ফোৰণত মুঠ ১৩ জন লোক নিহত হৈছিল। এই বিস্ফোৰণৰ প্ৰভাৱ দক্ষিণৰ ছবিৰ ওপৰটো পৰিছে। যিটো স্থানত এই বিস্ফোৰণটো হৈছিল, তাৰে কিছু দূৰত দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ আগন্তুক

ৰাম চৰণৰ ছবি ওপৰত দিল্লী বিস্ফোৰণৰ প্ৰভাৱ

১০ নৱেম্বৰত ৰাজধানী দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত সংঘটিত হোৱা সন্ত্ৰাসবাদী বোমা বিস্ফোৰণত মুঠ ১৩ জন লোক নিহত হৈছিল। এই বিস্ফোৰণৰ প্ৰভাৱ দক্ষিণৰ ছবিৰ ওপৰটো পৰিছে।

যিটো স্থানত এই বিস্ফোৰণটো হৈছিল, তাৰে কিছু দূৰত দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ আগন্তুক ছবি পেড্ডীৰ শ্বুটিং হ’ব লগা আছিল।

সেই শ্বুটিঙৰ বাবে পৰিচালকে পূৰ্বতেই অনুমতি লৈছিল,অৱশ্যে এতিয়া এই বিস্ফোৰণৰ পিছত পৰিচালকে এটা ডাঙৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, ৰাম চৰণৰ ছবি পেড্ডীৰ কিছু শ্বুটিং এতিয়াও বাকি আছে। যিটো লালকিল্লাৰ আশে-পাশে হ’ব লগা আছিল।

কিন্তু এতিয়া ছবিখনৰ এই শ্বুটিঙৰ সূচী সলনি কৰিছে।১৬ আৰু ১৭ নৱেম্বৰত লালকিল্লাৰ আশে-পাশে ছবিখনৰ শ্বুটিং হোৱাৰ কথা আছিল। কিন্তু এতিয়া বুকিং বাতিলৰ বাবে শ্বুটিং সম্ভৱ নহ’ব।

অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাইও নিজৰ আগন্তুক ছবিখনৰ শ্বুটিং লালকিল্লাৰ আশে-পাশে কৰিবলৈ ওলাইছিল যদিও শ্বুটিং বাতিলৰ তথ্য এতিয়াও জানিব পৰা হোৱা নাই।   

লগতে পঢ়ক: ধৰ্মেন্দ্ৰৰ ঘৰৰ বাহিৰত পাপাৰাজ্জীৰ ভিৰ; ছানী দেওলৰ ধমক