পাকিস্তানৰ কুৱেটাৰ পৰা পেশাবৰলৈ গৈ থকা জাফৰ এক্সপ্ৰেছ ৰে’লখন এতিয়াও বেলুচিস্তান লিবাৰেচন আৰ্মীৰ কৱলত আছে।
তাৰ মাজতে পাকিস্তানৰ বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ)এ হাইজেক কৰা ৰে’লখনৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে।
এই ভিডিঅ’টোত, বিএলএ-য়ে যাত্ৰীসকলৰ সৈতে কেনেদৰে পাকিস্তানৰ ৰে’লখন হাইজেক কৰিছিল সেয়া দেখিবলৈ পোৱা গৈছে।
ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে ৰে’লখন গৈ থকাৰ সময়তে এটা বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণটোৰ পিছত ৰৈ গৈছিল ৰে’লখন ।
ভিডিঅ’টোত আৰু দেখিবলৈ পোৱা গৈছে যে পাহাৰৰ মাজত বিএলএ-য়ে লোক সকলে যাত্ৰী সকলক বন্দী বনাই ৰে’লখনৰ পৰা বাহিৰলৈ নি আছে।
এতিয়া লৈকে পাকিস্তানি সেনাই ১৫০ ত কৈ অধিক বন্দীক মুকলি কৰিছে যদিও ১০০ তকৈ অধিক লোক এতিয়াও বন্দী হৈ আছে।
পাকিস্তানী সেনাই দাবী কৰিছিল যে তেওঁলোকে বিএলএৰ ১৬ জন সন্ত্ৰাসবাদীক হত্যা কৰি এই বন্দীসকলক মুকলি কৰি দিছিল।কিন্তু জাফৰ এক্সপ্ৰেছৰ পৰা মুক্ত হৈ অহা যাত্ৰীসকলে পাকিস্তানী সেনাবাহিনীৰ ব্যৰ্থতা উদঙাই দিছে।
বহু যাত্ৰীয়ে কৈছে যে তেওঁলোকক পাকিস্তানী সেনাই মুকলি কৰি অনা নাছিল, বিএলএই নিজেই হে মুকলি কৰি দিছিল।
এইটো লক্ষণীয় যে বেলুচিস্তান হৈছে পাকিস্তানৰ সৰ্ববৃহৎ প্ৰদেশ যিয়ে নিজকে পাকিস্তানৰ অংশ বুলি গণ্য নকৰে। পাকিস্তানে ১৯৪৭ চনত ইয়াক বলপূৰ্বক ভাৱে একত্ৰিত কৰিছিল।তেতিয়াৰ পৰা, পাকিস্তানী সকলে বেলুচিস্তানৰ ওপৰত নিজৰ দাবী কৰি আহিছিল।
পাকিস্তানৰ আৰক্ষীয়ে বন্দী সকলক উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে যদিও বেলুচিস্তানৰ সেই অঞ্চলত প্ৰৱেশ কৰিব পৰা নাই পাক সেনাই। যাৰ ফলত বিফল হৈছে পাক সেনাৰ উদ্ধাৰ অভিযান