বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ বৰ্তমান লণ্ডনত ভ্ৰমণত আছে । লণ্ডনৰ চাথাম হাউচ থিংক টেংকত তেওঁ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । কিন্তু এই কাৰ্যসূচীৰ পিছত তেওঁ নিজৰ গাড়ীৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে ইতিমধ্যে তাত প্ৰতিবাদ সাব্যস্ত কৰি থকা খালিস্তানী প্ৰতিবাদকাৰী সকলে শ্লোগান দিবলৈ আৰম্ভ কৰে । এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।
ব্ৰিটেইন আৰু আয়াৰলেণ্ড ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে লণ্ডনৰ চাথাম হাউছ থিংক টেংকত ভাৰতৰ উত্থান আৰু বিশ্বত ভূমিকা সম্পৰ্কীয় এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই সময়ছোৱাত তেওঁ কাশ্মীৰৰ পৰা আৰম্ভ কৰি পাৰস্পৰিক শুল্ক আৰু ট্ৰাম্পৰ নীতি আদি বিষয়ত মুকলিকৈ কথা কয় ।
কিন্তু এই কাৰ্যসূচীৰ পিছত তেওঁ বিল্ডিঙৰ পৰা ওলাই অহাৰ লগে লগে খালিস্তানী পতাকা লৈ তাত উপস্থিত থকা সমৰ্থকসকলে শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । জয়শংকৰ গাড়ীৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে এজন খালিস্তানী প্ৰতিবাদকাৰীয়ে দৌৰি আহি গাড়ীৰ বাট বন্ধ কৰি দিয়ে । ইয়াৰ মাজতে এটা খালিস্তানী প্ৰতিবাদকাৰীয়ে ভাৰতৰ জাতীয় পতাকা ফালি পেলোৱা পৰিলক্ষিত হয় । লগে লগে তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীজনক তাৰ পৰা আঁতৰাই আনে ।
কি ক’লে জয়শংকৰে ?
লণ্ডনৰ চাথাম হাউছ থিংক টেংকত আয়োজন কৰা এক কাৰ্যসূচীত জয়শংকৰে কয় যে পাকিস্তানে ভাৰতৰ পৰা যি অংশ (POK) চুৰি কৰি লৈছে, সেয়া এতিয়া ঘূৰি অহাৰ অপেক্ষাত আছে । সেই অংশ ভাৰতত যোগ কৰাৰ লগে লগে জম্মু-কাশ্মীৰত সম্পূৰ্ণ শান্তি প্ৰতিষ্ঠা হ’ব ।