বিগত আঠ মাহে মহাকাশত আৱদ্ধ হৈ আছে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুশ্ব উইলম’ৰ । এই সন্দৰ্ভত অতিশয় চিন্তিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । সেয়েহে বয়িং ষ্টাৰলাইনাৰৰ দুয়োগৰাকী মহাকাশচাৰী সুনীতা আৰু বুশ্বক ঘূৰাই অনাৰ ক্ষেত্ৰত তেওঁ ইলন মাস্কৰ পৰা সহায় বিচাৰিছে । ইলন মাস্কে এক্সৰ এটা পোষ্টৰ জৰিয়তে এই তথ্য দিছে ।
“বাইডেন প্ৰশাসনে মহাকাশচাৰীক আবদ্ধ কৰি ৰাখিলে”
মাস্কে দাবী কৰে যে যদিও নাছাই ইতিমধ্যে স্পেচএক্সক নিজৰ ক্ৰু-৯ অভিযানৰ অংশ হিচাপে ঘূৰাই অনাৰ বাবে নিয়োজিত কৰিছিল, তথাপিও প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনে মহাকাশচাৰী দুজনক ঘূৰি অহাত ইমান দিনে পলম কৰিছিল, যিটো অতি দুখজনক ।
The @POTUS has asked @SpaceX to bring home the 2 astronauts stranded on the @Space_Station as soon as possible. We will do so.
— Elon Musk (@elonmusk) January 28, 2025
Terrible that the Biden administration left them there so long.
কি ক’লে ড’নাল্ড ট্ৰাম্পে-
-মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে স্পেচএক্সে মহাকাশচাৰী দুজনক “শীঘ্ৰে” ঘূৰাই অনাৰ অভিযান আৰম্ভ কৰিব । দুয়োজনেই মাহৰ পিছত মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছে ।
-ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত লিখিছে, “ইলন মাস্কে অতি সোনকালে এই বিষয়ত কাম আৰম্ভ কৰিব । আশাকৰোঁ, সকলো নিৰাপদে হ’ব ।” কিন্তু এই অভিযান কেতিয়া আৰম্ভ হ’ব সেয়া স্পষ্ট কৰা নাই ট্ৰাম্পে ।
-আনহাতে নাছাই অহৰহ কৈ আছে যে তেওঁলোকৰ মহাকাশচাৰীসকল আবদ্ধ হৈ থকা নাই আৰু তেওঁলোক সুস্থ আৰু একেবাৰে ভাল ।
নাছাৰ মিছনৰ বিষয়ে জানক-
সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে ২০২৪ চনৰ জুন মাহত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানেৰে আই এছ এছলৈ ৰাওনা হয় । ১০ দিন এই অভিযানত গৈছিল যদিও এই সময়ছোৱাত তেওঁলোক বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত নাছা আৰু বয়িঙে মহাকাশযানখনৰ সমস্যাসমূহ বুজিবলৈ কেইবা সপ্তাহ ধৰি কাম কৰিছিল যদিও শেষত সিদ্ধান্ত লৈছিল যে জাহাজখনৰ ক্ৰুসকলক লৈ ষ্টাৰ্টলাইনাৰখন ঘূৰাই অনাটো অতি বিপদজনক হ’ব । নিৰাপত্তাজনিত সমস্যাৰ বাবে দুয়োৰে প্ৰত্যাৱৰ্তন ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল । তাৰ পিছত নাছাই ঘোষণা কৰিলে যে তেওঁলোকে ক্ৰুসকলৰ তাৰিখ সালসলনি কৰি আছে, অৰ্থাৎ অহা বছৰৰ মাৰ্চ বা এপ্ৰিলৰ শেষৰ ফালে তেওঁলোক ঘূৰি আহিব ।
ইয়াৰ পিছত ২০২৪ চনৰ আগষ্ট মাহত নাছাই ঘোষণা কৰে যে স্পেচএক্সক স্পেচএক্স ক্ৰু-৯ কেপচুলত সুনীতা উইলিয়ামছ আৰু উইলম’ৰক ঘূৰাই আনিবলৈ কোৱা হৈছে । এই দুয়োজন মহাকাশচাৰীয়ে স্পেচএক্সৰ ড্ৰেগন কেপচুলত পৃথিৱীলৈ উভতি আহিব । তাৰ পাছত আন ধৰণৰ বিপদৰ কথা পোহৰলৈ আহিল, যিবোৰ মহাকাশচাৰীৰ জীৱনৰ প্ৰতি ভাবুকি হিচাপে বিবেচিত হৈছে ।