ZPC অশ্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত পুৱাই অভিযান চলাই CM ভিজিলেন্সৰ এটা দলে।আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে অভিযান cm vigilance ৰ।
শিৱসাগৰ, ধেমাজীৰ পিছত গুৱাহাটীৰ পাঞ্জাৱৰীৰ বাসগৃহত অভিযান আন এটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ তিনি বাসগৃহত অভিযান দলটোৰ।
২০০৯ চনত প্ৰথমে শিৱসাগৰত যোগদান কৰিছিল অশ্বিনী কুমাৰ দলে।তাৰ পিছত কিছুদিনৰ বাবে বদলি হৈছিল অশ্বিনী কুমাৰ দলে।কিন্তু পুনৰ ceo হিচাপে শিৱসাগৰত শোপনি পুতিছিল অশ্বিনী কুমাৰ দলে।
তেতিয়াৰ পৰাই যেন শিৱসাগৰৰ পৰা চকী নেৰা হৈছিল অশ্বিনী কুমাৰ দলে।দিচাং ফেষ্টিভেলৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে ।
উন্নয়ন মূলক কামৰ নামত বহু ঠিকাদাৰৰ পৰা উৎকোচ লোৱাৰ অভিযোগ আছিল অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে।জানিব পৰা মতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী চুমিত্ৰা পাতিৰৰ ভাতৃ অশ্বিনী কুমাৰ দলে।
শিৱসাগৰ চৰকাৰী বাসভৱন,ধেমাজিৰ পিতৃগৃহ আৰু পাঞ্জাৱৰীত নিজা বাসগৃহতত একেলগে অভিযান মুখ্যমন্ত্ৰী তদাৰকী কোষৰ।