মেলবৰ্ণ ক্ৰিকেট খেলপথাৰ (এম চি জি)ত ২৬-৩০ ডিচেম্বৰলৈ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় বক্সিং ডে’ টেষ্ট । এই মেচখনত ভাৰতীয় দলটোৱে ১৮৪ ৰানত শোচনীয় পৰাজয় স্বীকাৰ কৰিবলগা হয় । মেচখনত ভাৰতীয় দলটোৱে জয়ী হ’বলৈ ৩৪০ ৰানৰ লক্ষ্য লাভ কৰিছিল যদিও খেলখন ড্ৰ’তো সমাপ্ত কৰিব নোৱাৰিলে । এতিয়া ৩ জানুৱাৰীৰ পৰা ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ অন্তিমখন টেষ্ট ।
মেলবৰ্ণ টেষ্টত পৰাজয়ৰ পিছত ভাৰতীয় দলটোৱে ২০২৩-২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ আশাত ডাঙৰ আঘাত লাভ কৰিছে । এতিয়া ভাৰতীয় দলটোৱে ছিডনী টেষ্টত জয়লাভ কৰিও পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰে । ছিডনী টেষ্টত জয়ী হোৱাৰ ওপৰিও ভাৰতক শ্ৰীলংকাৰ সহায়ৰ প্ৰয়োজন হ’ব । শ্ৰীলংকাৰ দলটোৱে ২০২৫ৰ জানুৱাৰী-ফেব্ৰুৱাৰীত ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব ।
এতিয়া ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনী টেষ্টত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিব লাগিব । লগতে শ্ৰীলংকাৰ দলটোৱে দুখন মেচৰ টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াক ২-০ ব্যৱধানত হোৱাইট ৱাশ্ব কৰাৰ আশা কৰিব লাগিব । যদি ছিডনী টেষ্ট ড্ৰ’ হয় তেন্তে ভাৰত ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব । ডব্লিউ টি চিৰ চলিত চক্ৰৰ ফাইনেলখন ২০২৫ৰ ১১-১৫ জুনলৈ ক্ৰিকেটৰ মক্কা লৰ্ডছত অনুষ্ঠিত হোৱাৰ কথা আছে ।
ভাৰতৰ বাবে এয়াই চূড়ান্ত সমীকৰণ-
-যদি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-২ ব্যৱধানত ড্ৰ’ হয় তেন্তে ভাৰতে ৫৫.২৬ শতাংশ পইণ্টেৰে অন্ত পেলাব । এনে পৰিস্থিতিত ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত শ্ৰীলংকাই ২-০ ব্যৱধানত জয়লাভ কৰিলেহে ভাৰতীয় দল ফাইনেলত প্ৰৱেশ কৰিব ।
-যদি ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১-২ ব্যৱধানত শৃংখলাত পৰাস্ত হয়, তেন্তে ৫১.৭৫ শতাংশ পইণ্টেৰে ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ব ।
উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ দলটোৱে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে । দক্ষিণ আফ্ৰিকাই ১১খন খেলত ৭খনত জয়, ৩খনত পৰাজয় আৰু ১খন ড্ৰ’ৰ পৰা ৮৮ পইণ্ট লাভ কৰিছে । দক্ষিণ আফ্ৰিকাৰ পইণ্টৰ শতাংশ ৬৬.৬৭ । দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ দল । ১৬খন খেলত অষ্ট্ৰেলিয়াই ১০খনত জয়, ৪খনত পৰাজয় আৰু ২খনত ড্ৰ’ৰ পৰা ১১৮ পইণ্ট লাভ কৰিছে । দলটোৰ নম্বৰৰ শতাংশ ৬১.৪৬ । বৰ্তমান তৃতীয় স্থানত থকা ভাৰতে ১৮খন মেচত ৯খনত জয়, ৭খনত পৰাজয় আৰু ২খনত ড্ৰ’ৰ পৰা ১১৪ পইণ্ট লাভ কৰিছে । ভাৰতৰ নম্বৰৰ শতকৰা হাৰ ৫২.৭৮ ।
৪৮.২১ শতাংশ নম্বৰেৰে চতুৰ্থ স্থানত থকা নিউজীলেণ্ড দলটো ফাইনেলৰ দৌৰৰ বাহিৰত । আনহাতে শ্ৰীলংকাৰ দলটো পাঁচ নম্বৰত আছে যদিও ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা শেষ হৈছে । শ্ৰীলংকাৰ দলটোৱে ৪৫.৪৫ শতাংশ পইণ্ট লাভ কৰি আছে আৰু সৰ্বোচ্চ ৫৩.৮৫ শতাংশ পইণ্ট লাভ কৰিব পাৰে । ইংলেণ্ড ষষ্ঠ, পাকিস্তান সপ্তম, বাংলাদেশ অষ্টম আৰু ৱেষ্ট ইণ্ডিজ নৱম স্থানত আছে ।
২০২৩ চনৰ পৰা ২০২৫ চনলৈ চলিবলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এইটো তৃতীয় চক্ৰ । ইতিমধ্যে এই তৃতীয় চক্ৰৰ বাবে পইণ্ট ব্যৱস্থাৰ সৈতে জড়িত নিয়মসমূহ আই চি চিয়ে প্ৰকাশ কৰিছে । টেষ্ট মেচত জয়ী হোৱাৰ বাবে এটা দলে ১২ পইণ্ট, মেচখন ড্ৰ’ কৰাৰ বাবে ৪ পইণ্ট আৰু টাই হ’লে ৬ পইণ্ট লাভ কৰে ।