মেষ ৰাশি : মানসিক উৎকণ্ঠা কমিব । যাকে-তাকে বিশ্বাসত নল’ব। ফটা বস্ত্ৰ পৰিধান নকৰিব । পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে শুভ মুহূৰ্ত পাৰ কৰিব । টকা-পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ’ব । ব্যৱসায়ত লাভ । জীৱনৰ সৈতে জড়িত বিষয়ত সিদ্ধান্ত লওতে চিন্তা কৰিব । শিক্ষাৰ্থীৰ বাবে সফলতাৰ যোগ ।
বৃষ ৰাশি : গুৰুৰ প্ৰভাৱত মনোৰঞ্জন বৃদ্ধি পাব। আনৰ সমাদৰ পাব । কৰ্তব্যৰ প্ৰতি সচেতনতা বৃদ্ধি। কামৰ পৰা সুফল পাব । পাৰিবাৰিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চেষ্টা কৰক । শৈক্ষিক সফলতাৰ বাবে পৰিশ্ৰম কৰক । স্বাস্থ্যৰ প্ৰতি চিন্তা বাঢ়িব । বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগ হ’ব । নতুন ব্যৱসায়ৰ যোগ ।
মিথুন ৰাশি- কৰ্মত আশাবাদী । মাছ-মাংস-কণী একেলগে নাখাব । আনৰ অন্যায় চিন্তা নকৰিব । শিক্ষাৰ ক্ষেত্ৰত ভাল । পাৰিবাৰিক ক্ষেত্ৰত শুভ যোগ ।আৰ্থিক অৱস্থা উন্নত । চাকৰিয়াল সকলৰ পদোন্নতিৰ যোগ ।ধন খৰচ হোৱাৰ সম্ভাৱনা।
কৰ্কট ৰাশি-মনৰ স্থিৰতা বৃদ্ধি পাব। বিবাহৰ সংযোগ। সূৰ্য প্ৰণাম কৰক। ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে । পৰিয়ালৰ সমস্যা সমাধানত সফল হ’ব । প্ৰেমত শুভ । পৰিয়ালত সুখ আৰু শান্তি থাকিব । ব্যৱসায়ত ভাল ।
সিংহ ৰাশি- জ্ঞান বৃদ্ধি হ’ব। আনৰ সমাদৰ লাভ কৰিব । আজি দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব । উপাৰ্জন নতুন উৎস লাভ কৰিব । আপোনাৰ কামে অফিচৰ জ্যেষ্ঠসকলক আকৰ্ষিত কৰিব । পিতৃ-মাতৃ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব বাঢ়িব । ব্যৱসায় অনুকূল ।
কন্যা ৰাশি- আজি প্ৰয়োজনতকৈ আনক বেছি গুৰুত্ব নিদিব। হঠাৎ কোনো ভাল খবৰ লাভ কৰিব । খৰচ নিয়ন্ত্ৰণ কৰক, বজাৰ কৰাত সাৱধান হ’ব । নতুন ব্যৱসায়ৰ যোগ । প্ৰতিদিনে পুৱা যোগাভ্যাস কৰক ।
তুলা ৰাশি-কৰ্মত সফলতা লাভ কৰিব । যিকোনো নাৰীক প্ৰশ্ৰয় নিদিব। যাৰে তাৰে লগত কাজিয়া নকৰিব । স্বাস্থ্য বৰ ভালে নাযাবও পাৰে। বাহন চলাওতে আজি সাৱধান হ’ব। বাটৰ কুকুৰক দৈ খোৱাব পাৰে।অপ্ৰয়োজনীয় যুক্তি-তৰ্কৰ পৰা আঁতৰি থাকক ।
বৃশ্চিক ৰাশি-মানসিক উৎকৰ্ষ সাধন । হতাশা আতৰিব । জীৱনলৈ নতুন কোনোবা অহাৰ সম্ভাৱনা আছে। আজি আপোনাৰ জ্ঞানৰ আনে শলাগ ল’ব। আৰ্থিক দিশটো টনকীয়াল হ’ব । কামৰ প্ৰতি গুৰুত্ব বাঢ়িব । নতুন কামৰ দায়িত্ব বাঢ়িব পাৰে । দিনটো অধিক ব্যস্ততাৰে পাৰ কৰিব । প্ৰেমত শুভ । স্বাস্থ্যৰ যতন লওক ।
ধনু ৰাশি- কৰ্মত দূৰদৰ্শিতা প্ৰকাশ পাব । শক্তিশালী স্থিতিত উপনীত হোৱাৰ সুযোগ পাব । খং কমাওক । কোনো সিদ্ধান্ত লোৱাৰ আগত অলপ ভাবিব । সঞ্চয় প্ৰয়োজনীয়তা বাঢ়িব । পৰীক্ষাত সফলতা লাভ কৰাৰ যোগ । খৰচৰ ওপৰত গুৰুত্ব দি আয়ৰ বাবে চিন্তা কৰক ।
মকৰ ৰাশি-দক্ষতা ,সাহস , সংযম বৃদ্ধি পাব । দীৰ্ঘসূত্ৰী কাম হাতত নল’ব। প্ৰতিৱেশীৰ পৰা কষ্ট পাব। ঘৰ নিৰ্মাণৰ কামআৰম্ভ কৰাৰ বাবে দিনটো শুভ । সামাজিক চেতনা বাঢ়িব । হঠাৎ ভাগ্য উদয় হ’ব পাৰে।
কুম্ভ ৰাশি-কোনো কাম বা কথা লৈ গৌৰৱ বৃদ্ধি পাব। পেটৰ সমস্যাত ভুগিব পাৰে। আপোনজনৰ সৈতে শুভ মুহূৰ্ত উপভোগ কৰিব । পেছাদাৰী জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে । তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক । গাড়ী চলোৱা সময়ত সাৱধান হওক । অবিবাহিত লোকসকলে সংগী লাভ কৰাৰ যোগ ।
মীন ৰাশি-দুৰদৰ্শী চিন্তাৰ প্ৰকাশ পাব । কৰ্মত আনমনা নহ’ব। যাকে তাকে আজি সংগ নিদিব । পুৰণি বন্ধুক লগ পাব পাৰে। আপুনি আপোনাৰ প্ৰিয়তমাৰ বাবে বিশেষ পৰিকল্পনা কৰিব পাৰে । প্ৰয়োজনত আনৰ পৰা আৰ্থিক সহায় লাভ কৰিব ।