পুৰণিগুদাম মুঢ়ানিত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে।মুঢ়ানি গাঁৱৰ প্ৰনৱজ্যোতি বৰা নামৰ এজন যুৱকক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।
জানিব পৰা মতে নিশা বাৰপুজীয়াত এখন বিয়া খাই উভতি ঘৰ পোৱা নাছিল প্ৰনৱজ্যোতি বৰা।নিশা প্ৰায় ১০.৪০ বজা লৈকে বন্ধুৰ সৈতে আছিল প্ৰনৱজ্যোতি।
আৰু পুৱা যুৱকজনৰ বলেৰ’ বাহন খন এটা স্থানত উদ্ধাৰ হোৱাৰ লগতে চুবুৰীয়াৰ চোতালত উদ্ধাৰ হ’ল প্ৰনৱজ্যোতি বৰাৰ মৃতদেহ।পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল প্ৰনৱজ্যোতি বৰা।
কোনে কি কাৰণত প্ৰনৱজ্যোতি বৰাক হত্যা কৰিলে তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত চামগুৰি আৰু পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।