বান পৰিস্থিতিয়ে লৈছে জটিল ৰূপ
মঙলবাৰে ওড়িশাৰ বালাছোৰ জিলাৰ বান পৰিস্থিতি অতি ভয়াৱহ হৈ পৰে । জিলাখনৰ উত্তৰ প্ৰান্তৰ প্ৰায় ১০০ খন গাঁৱৰ পথ আৰু পথাৰ প্লাৱিত হৈছে । বানৰ বাবে স্বাভাৱিক জীৱন বিঘ্নিত হৈছে ।
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে কয় যে উত্তৰ ওড়িশাৰ সকলো ডাঙৰ নদীৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও বহু গাঁও এতিয়াও পানীত ডুব গৈ আছে । বালাছোৰ, ময়ুৰভঞ্জ আৰু জাজপুৰ জিলাত প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কাম তীব্ৰতৰ কৰি তুলিছে ।
সুবৰ্ণৰেখা, বুঢ়াবালাং আৰু জালাকা নদীৰ জলপৃষ্ঠ বৃদ্ধি-
এক প্ৰতিবেদন অনুসৰি বালাছোৰ জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু ঝাৰখণ্ডৰ পৰা পানী এৰি দিয়াৰ ফলত সুবৰ্ণৰেখা নদীত পানীৰ ঢল উঠিছে । ইয়াৰ বাবে ভোগৰাই, বলিয়াপাল, জলেশ্বৰ আৰু বাস্তা ব্লকৰ ৰাইজ ক্ষতিগ্ৰস্ত হৈছে । তিনিখন নদী- সুবৰ্ণৰেখা, বুঢ়াবালাং আৰু জালাকাৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বালাছোৰৰ বহু গাঁও পানীত বুৰ গৈছে । ময়ুৰভঞ্জ জিলাতো সুবৰ্ণৰেখা আৰু বুঢ়াবালাং নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে জনসাধাৰণ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ।
একেদৰে জাজপুৰ জিলাৰ একাংশ অঞ্চল বৈতৰাণী নদীৰ বুকুত বুৰ গৈছে । জলসম্পদ বিভাগৰ এগৰাকী বিষয়াই কয় যে যদিও সুবৰ্ণৰেখা আৰু জালাকা নদীৰ পানী ক্ৰমান্বয়ে কমি আহিছে, তথাপিও ৰাজঘাট আৰু মথানীত বিপদ সীমাৰ ওপৰত আছে ।
লগতে পঢ়ক : ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ; ৪ জনৰ মৃত্যু, ১৬ জন নিৰুদ্দেশ…