শেহতীয়াকৈ আগ্নেয়গিৰি সদৃশ হৈ পৰিছে মধ্য প্ৰাচ্যৰ পৰিস্থিতি । যি যিকোনো সময়তে বৃহৎ ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে । কেইবাটাও ফ্ৰন্টত যুদ্ধ চলাই থকা ইজৰাইলে শান্ত হৈ থকাৰ কোনো ইংগিত দিয়া নাই । কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আৰৱ দেশসমূহে যুদ্ধবিৰতিৰ বিষয়ে ইৰাণৰ সৈতে আলোচনা আৰম্ভ কৰিছে ।
ইজৰাইলৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আৰৱ দেশসমূহে মধ্য প্ৰাচ্যৰ সকলো ক্ষেত্ৰতে একেলগে সংঘটিত হোৱা যুদ্ধ বন্ধ কৰিবলৈ ইৰাণৰ সৈতে পিছ দুৱাৰেদি (Back Door) আলোচনা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
ইজৰাইল বৰ্তমান এই আলোচনাত জড়িত নহয় কিন্তু তেওঁলোকক এই বিষয়ে কোৱা হৈছে । অৱশ্যে, এই প্ৰচেষ্টাই গাজা ষ্ট্ৰিপক কিমান প্ৰভাৱিত কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
প্ৰতিবেদন অনুসৰি, ইজৰাইলে এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰক এই বেকডোৰ আলোচনা সন্দৰ্ভত নিজৰ স্থিতিৰ বিষয়ে কোৱা নাই । এজন জ্যেষ্ঠ ইজৰাইলী বিষয়াই কয় যে ‘আমি এই মুহূৰ্তত শক্তিশালী স্থিতিত আছোঁ । যুদ্ধবিৰতি আমাৰ চৰ্তাৱলীত হ’ব । এই পৰিস্থিতিবোৰৰ ভিতৰত আছে ইজৰাইলৰ সীমান্ত অঞ্চলৰ সকলো হিজবুল্লাহ সামৰিক ঘাটি ধ্বংস কৰা ।‘
ইফালে হিজবুল্লাহে লেবাননত যুদ্ধবিৰতি বিচৰাৰ সময়তে পোহৰলৈ আহিছে এই খবৰ । হিজবুল্লাহৰ নেতা নাইম কাছিমে শেহতীয়াকৈ কয় যে তেওঁৰ গোটে ইজৰাইলৰ বিৰুদ্ধে হামাছ আৰু পেলেষ্টাইনীসকলৰ সৈতে দৃঢ়তাৰে থিয় দিব । নাছৰাল্লাহৰ পিছত, কাছিম বৰ্তমান হিজবুল্লাহৰ শীৰ্ষ বিষয়াসকলৰ ভিতৰত আছে । তেওঁ যুদ্ধবিৰতিৰ বাবে লেবানন সংসদৰ অধ্যক্ষ নবিহ বেৰীৰ প্ৰচেষ্টাক সমৰ্থন জনাইছে, যিয়ে চৰ্ত অবিহনে যুদ্ধবিৰতিৰ বাবে ওকালতি কৰিছিল ।
“যুদ্ধবিৰতিৰ বাবে আমি বেৰীৰ নেতৃত্বক সমৰ্থন জনাইছো । যদি ইজৰাইলে যুদ্ধ অব্যাহত ৰাখে, তেন্তে যুদ্ধক্ষেত্ৰত ইয়াৰ সিদ্ধান্ত লোৱা হ’ব ।” কাছিমে কয় ।
উল্লেখ্য যে, হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ আক্ৰমণত হাছান নাছৰাল্লাহকে ধৰি সংগঠনটোৰ বহুজ্যেষ্ঠ কমাণ্ডাৰ আৰু বিষয়া নিহত হৈছে । ইয়াৰ ভিতৰত আছে হিজবুল্লাহৰ সৰ্বোচ্চ কমাণ্ডাৰ ফুয়াদ শুক্ৰ, চাউদাৰ্ণ ফ্ৰণ্টৰ কমাণ্ডাৰ আলী কাৰাকী, অপাৰেচন ৰেড ইব্ৰাহিম আকিল আৰু হিজবুল্লাহৰ মুৰব্বী হিচাপে নাছৰাল্লাহৰ সাম্ভাৱ্য উত্তৰাধিকাৰী হাছিম চাফিদ্দিন ।