গোৱালপাৰাৰ বালিজানাৰ নাৰায়ণপাৰাত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।নিশাৰ ভাগত গোৱালপাৰা জিলাৰ বালিজানাৰ নাৰায়ণপাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰ দুজনকৈ লোক।
নিহত হোৱা ব্যক্তি দুগৰাকী নাৰায়ণপাৰা গাওঁৰ ৰঞ্জন ৰায় আৰু তেওঁৰ ভাই বোৱাৰী ৰূপা ৰায় বুলি জানিব পৰা গৈছে।গাওঁ খনত কেইবাদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে।
বন বিভাগৰ লোকৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ গাওঁখনৰ পৰা বনৰীয়া হাতীৰ জাকটো খেদিবলৈ ব্যৰ্থ হৈছে বন বিভাগ।
নিশা হাতীৰ আক্ৰমণত একেটা পৰিয়ালৰ দুজনকৈ লোক নিহত হোৱাক কেন্দ্ৰ কৰি পিছত উপ্তত্ত পৰিস্থিতি সৃষ্টি হয়।বন বিভাগৰ লোকে মৃতদেহ লৈ যোৱাত বাধা প্ৰদান উত্তেজিত ৰাইজৰ।ঘটনাক কেন্দ্ৰ কৰি গাওঁখনত চেপা উত্তেজনা বিৰাজ কৰিছে।
Post Views: 261