ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহিছে এটা ভালখবৰ ।অসম চৰকাৰে পুনৰ মুকলি কৰিছে ৯,৭১৭টা শিক্ষকৰ পদ। ২১ অক্টাবৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।৯,৭১৭টা পদৰ ভিতৰত বিজ্ঞানৰ স্নাতক শিক্ষকৰ ২,১১১টা পদ, গণিতৰ স্নাতক শিক্ষকৰ ১,৭৩৭টা পদ। মুঠ স্নাতক শিক্ষকৰ ৮,২৩০টা পদ, স্নাতকোত্তৰ শিক্ষকৰ ১,৪৮০টা পদৰ বাবে মুকলি হৈছে বিজ্ঞাপন। ইয়াৰ লগতে কলাৰ স্নাতক শিক্ষকৰ ৩,৩০০টা পদ,হিন্দী স্নাতক শিক্ষকৰ ৬৩০টা পদ আৰু সংস্কৃতৰ স্নাতক শিক্ষকৰ ২২৬টা পদৰ বাবে মুকলি হৈছে বিজ্ঞাপন। ইয়াৰ বাবে ১৫ নৱেম্বৰৰ পূৰ্বেই কৰিব লাগিব আবেদন।