সামাজিক মাধ্যমৰ ইনল্ফুৱেঞ্চাৰ তথা নৃত্য পৰিচালক ধনশ্ৰী বাৰ্মা আৰু ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল কিছু দিনৰ পৰা তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰি সন্দৰ্ভত শিৰোনামত আছে।
অৱশ্যে, দুয়োজনে বিষয়টোৰ সন্দৰ্ভত নীৰৱ হৈ আছে আৰু কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। কিন্তু তেওঁলোকৰ অধিবক্তাসকলে কয় যে গোচৰটো আদালতত চলি আছে। এইটো খবৰ পোৱা গৈছে যে দুয়োজনে যোৱা ১৮ মাহ ধৰি পৃথকে বাস কৰি আছে।
কিছুমান প্ৰতিবেদনত দাবী কৰা হৈছে যে ধনশ্ৰীয়ে যুজবেন্দ্ৰৰ পৰা এলিমানিৰ নামত ৬০ কোটি টকা দাবী কৰিছিল। কিন্তু তেওঁৰ লগতে পৰিয়ালৰ লোকসকলেও এই কথাবোৰ মিছা আৰু অৰ্থহীন বুলি খাৰিজ কৰিছে।
ইফালে, ধনশ্ৰীৰ এটা পোষ্টৰ লগতে তেওঁ শ্বেয়াৰ কৰা কিছুমান ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । পোষ্টটোত ধনশ্ৰীয়ে লিখিছিল যে তেওঁ হাৰ মানি লোৱা মানুহ নহয়।
ধনশ্ৰীয়ে এইটোও কৈছিল যে তেওঁ এতিয়া আগতকৈ অধিক শক্তিশালী আৰু নিৰ্ভীক অনুভৱ কৰে।তেওঁ লগতে লিখিছিল যে ভগৱান শিৱৰ আশীৰ্বাদত তেওঁ সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কাম কৰি আছো”। ধনশ্ৰীৰ এই পোষ্টটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।