বিহাৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰায় দুই ঘণ্টাৰ অস্ত্ৰোপচাৰৰ পিছত এটি ন বছৰীয়া শিশুৰ পেটৰ পৰা ওলাল এক কিলোগ্ৰাম ওজনৰ চুলি।
মুজাফ্ফৰপুৰৰ শ্ৰীকৃষ্ণ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (এছকেএমচিএইচ) সংঘটিত এই ঘটনাটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে। সাধাৰণ মানুহৰ মাজত এটা প্ৰশ্ন আছে যে ছোৱালীজনীৰ পেটত ইমান বোৰ চুলি কেনেকৈ গ’ল?
জানিব পৰা মতে জানুৱাৰীৰ ১৮ তাৰিখে, এহাল দম্পতীয়ে তেওঁলোকৰ ন বছৰীয়া জীয়েৰীৰ পেটৰ বিষৰ বাবে মুজাফ্ফৰপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছিল।পিছত এইটো প্ৰকাশ পাইছিল যে ছোৱালীজনীৰ তিনি বছৰ বয়সৰ পৰা চুলি খোৱাৰ অভ্যাস আছিল।
শিশুটিৰ পিতৃয়ে জানিবলৈ দিয়া মতে “শিশুটিয়ে নিজৰ মূৰৰ চুলি চিঙি চিহি খাইছিল।পিতৃ-মাতৃয়ে বহুবাৰ কোৱাৰ পাছতো শিশুটিয়ে চুলি খোৱা বন্ধ কৰা নাছিল। অতিষ্ঠ হৈ আমি তাইৰ মুণ্ডণ কৰি দিছিলো। কিন্তু পোন্ধৰ দিন পূৰ্বে তাইৰ পেটৰ বিষ হৈছিল। আৰু খোৱা-বোৱা বন্ধ কৰিছিল।
তেওঁ লগতে কয় “মই খুব জোৰ দিয়াৰ সময়ত কিবা খালেও, বমি কৰি দিছিল। আমি তাইক এজন ব্যক্তিগত চিকিৎসকৰ ওচৰলৈ লৈ গৈছিলো যিয়ে পৰীক্ষা কৰিছিল আৰু কৈছিল যে তাইৰ পেটত কিছুমান চুলি আছে।চিকিৎসকৰ পৰামৰ্শ অনুসৰি, পৰিয়ালটোৱে ছোৱালীজনীক এখন চৰকাৰী চিকিৎসালয়লৈ লৈ গৈছিল।
যেতিয়া ছোৱালীজনীক মুজাফ্ফৰপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল, তাইৰ হিমোগ্লোবিন মাত্ৰ ৫.২আছিল। ২১ জানুৱাৰীৰ দিনা ছোৱালীজনীৰ অস্ত্ৰোপচাৰ কৰা হয়। শিশুটি বৰ্তামন সুস্থ বুলি জানিব পৰা গৈছে।