শনিবাৰে বিজেপিয়ে প্ৰকাশ কৰিলে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা । এই তালিকাত ৬৬ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে । এই ৬৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত বিজেপিয়ে ১১ গৰাকী মহিলাক স্থান দিছে । ৰাজ্যখনৰ মুঠ ৬৮খন আসনত বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব । এই তালিকাৰ পিছত ঘোষণা কৰিবলৈ বাকী আছে মাত্ৰ দুখন আসন ।
ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন তালিকাত অন্তৰ্ভুক্ত বিশিষ্ট প্ৰাৰ্থীসকলৰ ভিতৰত ধনোৱাৰ আসনৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীয়ে । তদুপৰি জামতাৰাৰ পৰা সীতা ছোৰেন, চেৰাইকেলাৰ পৰা চম্পাই ছোৰেণ আৰু জগন্নাথপুৰৰ পৰা গীতা কোড়াই প্ৰতিদ্বন্দ্বিতা কৰিব ।
কোডেৰমা আসনৰ বাবে নীৰা যাদৱ, গাণ্ডেয়া আসনৰ বাবে মুনিয়া দেৱী, সিন্দ্ৰিৰ পৰা তাৰা দেৱী, নিৰছাৰ অপৰ্ণা সেনগুপ্ত আৰু ঝাৰিয়াৰ পৰা ৰাগিনী সিঙক টিকট প্ৰদান কৰিছে বিজেপিয়ে ।