মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত বুধবাৰে সন্ধিয়া লক্ষ্ণৌ-মুম্বাই পুষ্পক এক্সপ্ৰেছত যাত্ৰা কৰা একাংশ যাত্ৰীয়ে অগ্নিকাণ্ডৰ উৰাবাতৰি শুনি জঁপিয়াই নামি যোৱাত বিপৰীত দিশৰ পৰা অহা আন এখন ৰে’লে মহটিয়াই নিয়াত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ১৩ জন যাত্ৰীৰ মৃত্যু হৈছে । এই ঘটনাত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰিছে । দুৰ্ঘটনাটোত নিহতসকলৰ বাবে ক্ষতিপূৰণো ঘোষণা কৰা হৈছে ।
বিষয়াসকলে জনোৱা মতে, লক্ষ্ণৌ-মুম্বাই পুষ্পক এক্সপ্ৰেছ (১২৫৩৩)ত যাত্ৰা কৰা যাত্ৰীসকলে জুইৰ আশংকাত কাষৰীয়া ট্ৰেকত খৰখেদাকৈ জঁপিয়াই পৰে আৰু বেংগালুৰু-দিল্লী কৰ্ণাটক এক্সপ্ৰেছত খুন্দা মাৰে । এই দুৰ্ঘটনাত ১৫ জনতকৈ অধিক যাত্ৰী আহত হয় ।
কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো ?
উত্তৰ মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পাচোৰা চহৰৰ সমীপত মহেজী আৰু পৰ্ধাডে ষ্টেচনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা । সন্ধিয়া প্ৰায় ৪.৪৫ বজাত কোনো লোকে পুষ্পক ৰেলৰ ইমাৰ্জেন্সি চেইন টানে, তাৰ পিছতে ৰে’লখন ৰৈ যায় । অৱশ্যে ৰে’লৱে ব’ৰ্ডৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে ডবাখনৰ ভিতৰত কোনো ধৰণৰ স্ফুলিংগ বা জুইৰ বাবে যাত্ৰীসকলে এলাৰ্ম দিয়াৰ আঁৰৰ কাৰণ বুলি অস্বীকাৰ কৰে ।
কি ক’লে মুখ্যমন্ত্ৰী ফাড়নৱিছে ?
চুইজাৰলেণ্ডৰ ডাভোছৰ পৰা এক ভিডিঅ’ বাৰ্তাত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে কয়: “আমি লাভ কৰা তথ্য অনুসৰি, কোচটোত কোনো স্ফুলিংগ বা জুই দেখা হোৱা নাছিল । ৰেলখনত থকা একাংশ যাত্ৰীয়ে ভুলবশতঃ ৰেলখনৰ পৰা ধোঁৱা ওলাই অহা বুলি বিশ্বাস কৰিছিল আৰু জঁপিয়াই পৰিছিল । দুৰ্ভাগ্যবশতঃ, তেওঁলোকক আন এখন ৰেলে মহটিয়াই নিছিল ।“
মৃতকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ ঘোষণা-
দুৰ্ঘটনাত নিহত যাত্ৰীসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ফাড়নবিছে । ৰে’লৱে ব’ৰ্ডে পৃথকে পৃথকে মৃতকৰ পৰিয়ালক ১.৫ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ আৰু সামান্য আঘাতপ্ৰাপ্তসকলক ৫ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে ।
জলগাঁও জিলা তথ্য বিষয়া যুৱৰাজ পাটিলে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত ১৩ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ জন আহত হয় । ৰে’লৱেৰ এগৰাকী বিষয়াই জনোৱা মতে, পুষ্পক এক্সপ্ৰেছ ৰেলখনে ১৫ মিনিটৰ ভিতৰতে দুৰ্ঘটনাস্থলী এৰি যোৱাৰ বিপৰীতে কৰ্ণাটক এক্সপ্ৰেছ গাড়ীখন দুৰ্ঘটনাৰ ২০ মিনিটৰ ভিতৰতে আঁতৰোৱা হয় ।
এই ঘটনাৰ তদন্ত কৰিব ৰেল সুৰক্ষা আয়ুক্তই-
জলগাঁৱত এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণৰ তদন্ত কৰিব ৰেল সুৰক্ষা আয়ুক্তই । চি আৰ এছ (কেন্দ্ৰীয় চক্ৰ) মনোজ অৰোৰাই বৃহস্পতিবাৰে সেই স্থানত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে । ইয়াৰ পিছত ৰে’লৰ ক্ৰু, যাত্ৰী আৰু প্ৰত্যক্ষদৰ্শীৰ বক্তব্য লিপিবদ্ধ কৰা হ’ব । তেওঁ কয়, “আমি যাত্ৰী আৰু অন্যান্য প্ৰত্যক্ষদৰ্শীক মাতিম । তেওঁলোকে দুৰ্ঘটনাটোৰ বিষয়ে নিজৰ বক্তব্য দিব পাৰে ।”
শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰে’ল মন্ত্ৰীয়ে-
এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়াসকলে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে । গৃহমন্ত্ৰী অমিত শ্বাহে এই দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে কথা পাতিছে বুলি জানিবলৈ দিয়ে । স্থানীয় প্ৰশাসনে আহতসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে । বৰ্তমান ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্ৰহণৰ বাবে ডাভোছত উপস্থিত থকা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে । তেওঁ ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু অন্যান্য বিষয়াৰ পৰা ঘটনাৰ সম্পূৰ্ণ বিৱৰণ লৈ আটাইকেইজন আহত লোকৰ সঠিক চিকিৎসাৰ বাবে নিৰ্দেশনা দিয়ে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও জলগাঁও দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ।