চলিত বছৰটোৰ শেষৰ ফালে বিজয়ৰ উজ্জ্বলতা লৈ দুবাহু মেলি হাঁহি থকা ডি গুকেছৰ প্ৰকাশ পোৱা ছবিখন এক বিলিয়নতকৈও অধিক ভাৰতীয়ৰ স্মৃতিত চিৰদিনৰ বাবে খোদিত হৈ ৰ’ল । ছিংগাপুৰত অনুষ্ঠিত বিশ্ব দবা চেম্পিয়নশ্বিপ মেচত চীনৰ ডিং লিৰেনক পৰাস্ত কৰাৰ ঠিক পিছতে তোলা ছবিসমূহ বিশ্বনাথন আনন্দ যুগৰ পিছত বিশ্ব দবাৰ মানচিত্ৰত ভাৰতৰ উচ্চতা বৃদ্ধি পোৱাৰ সাক্ষ্য ।
২০২৪ চনটো আছিল ভাৰতীয় দবা খেলৰ উত্থানৰ বছৰ যাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল আনন্দে । দবাৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয় গুকেশ । এই যাত্ৰা আৰম্ভ হৈছিল এপ্ৰিল মাহত FIDE Candidates Tournament ৰ জৰিয়তে । তেওঁ প্ৰতিযোগিতাখনত জয়ী হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ লগতে ৩২ বছৰীয়া লিৰেনৰ বিৰুদ্ধে বিশ্ব চেম্পিয়নশ্বিপৰ মেচতো যোগ্যতা অৰ্জন কৰে ।
ইয়াৰ পিছত ১৪ ৰাউণ্ডৰ খিতাপৰ মেচখনৰ পূৰ্বেও গুকেশক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল, যাৰ বাবে চাপ বৃদ্ধি হোৱাটো নিশ্চিত আছিল । তৃতীয়, একাদশ আৰু ১৪ ৰাউণ্ডত জয়লাভ কৰি গুকেশে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে । সমগ্ৰ দেশৰ আশাৰ বোজা বহন কৰি গুকেশে এক চমৎকাৰ প্ৰদৰ্শন আগবঢ়ায় । এই কৃতিত্ব তেওঁৰ সহায়ক কৰ্মচাৰীলৈও যায়, য’ত আছিল ভাৰতত দবা বিপ্লৱৰ সূচনা কৰা আনন্দ আৰু প্ৰখ্যাত মানসিক কণ্ডিচনিং প্ৰশিক্ষক পেডী আপটন ।
গুকেশৰ জয়ৰ পূৰ্বে ভাৰতে ছেপ্টেম্বৰ মাহত বুডাপেষ্টত অনুষ্ঠিত হোৱা দবা অলিম্পিয়াডত দলীয় আৰু ব্যক্তিগত শাখাত ৬টাকৈ স্বৰ্ণ পদক লাভ কৰিছিল । পুৰুষৰ দলীয় ফাইনেলত স্লোভেনিয়া আৰু মহিলা শাখাত আজাৰবাইজানক পৰাস্ত কৰে ভাৰতে । একেখন অলিম্পিয়াডতে পুৰুষ আৰু মহিলা দুয়োটা খিতাপ দখল কৰা আন দুখন দেশ হ’ল চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়ন । ব্যক্তিগত শাখাত গুকেশ, অৰ্জুন এৰিগাইছি, দিব্য দেশমুখ আৰু ৱন্তিকা আগৰৱালাই স্বৰ্ণ পদক লাভ কৰে ।
যোৱা বছৰ ২৫০০ ই এল অ’ ৰেটিং অতিক্ৰম কৰা গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰাজ্ঞানন্দ আৰু আৰ বৈশালীয়ে কেনডিডেটছত খেলা প্ৰথমটো ভাতৃ-ভগ্নী যুটি হিচাপে পৰিগণিত হয় । তেওঁলোক গ্ৰেণ্ডমাষ্টাৰ নৰ্ম লাভ কৰা প্ৰথম ভাতৃ-ভগ্নী । মে’ মাহত নৰৱে চেছত ঘৰুৱা মাটিত ক্লাছিকেল ফৰ্মেটত বিশ্বৰ এক নম্বৰ মেগনাছ কাৰ্লছনক পৰাস্ত কৰিছিল প্ৰজ্ঞানন্দই ।
আনন্দৰ পিছত ২৮০০ ই এল অ’ ৰেটিং মাৰ্ক অতিক্ৰম কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয় এৰিগাচি । বৰ্তমান তেওঁ কাৰ্লচেন (২৮৩১), ফেবিয়ানো কাৰুয়ানা (২৮০৫) আৰু হিকাৰু নাকামুৰা (২৮০২)ৰ পিছতে ২৮০১ পইণ্টেৰে চতুৰ্থ স্থানত আছে। ফিডে দলৰ ৰেংকিঙত ভাৰত চতুৰ্থ স্থানত আছে । ভাৰতত ৬৪ জন গ্ৰেণ্ডমাষ্টাৰ আছে আৰু ইয়াৰে অধিকাংশই ২৫ বছৰৰ তলৰ । অহা বছৰ ফ্ৰীষ্টাইল চেছ গ্ৰেণ্ড শ্লেম ট্যুৰ, ফিডে মহিলা জিপি, ফিডে মহিলা বিশ্বকাপ আৰু এছিয়ান চেম্পিয়নশ্বিপত প্ৰত্যাহ্বান জনাব । গতিকে, ছবিখন এতিয়াও বাকী আছে ।