ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি কোন হ’ব তাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই বুধবাৰে এক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে “ ১৭ জানুৱাৰীত নিৰ্বাচিত হ’ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি।
বৃহস্পতিবাৰে নিশা ৭ বজালৈ সভাপতিৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব।পিছে এখন মনোনয়ন পত্ৰ থাকিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব প্ৰতিদ্বন্দ্বী” ।
কিন্তু এখনতকৈ অধিক মনোনয়ন হ’লে নিৰ্বাচন অনুষ্ঠিত হ’ব সভাপতি পদৰ বাবে। এজন উমৈহতীয়া প্ৰাৰ্থীক সভাপতি পদৰ বাবে স্থিৰ কৰাৰ সম্ভাৱনা অধিক” বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।