আজি বিবাহপাশত আৱদ্ধ হ’ব সৰু পৰ্দাৰ অভিনেত্ৰী সুৰভি জ্যোতি।জি টিভিৰ ধাৰাবাহিক ‘কাবুল হে’ ৰ জয়া ৰ চৰিত্ৰৰে সকলোৰে মন জয় কৰিছিল।

অভিনেত্ৰীগৰাকীয়ে বিবাহৰ পূৰ্বৰ সকলো সুন্দৰ মুহূৰ্ত তেওঁৰ অনুৰাগীসকলৰ সৈতে নিৰন্তৰ শ্বেয়াৰ কৰি আছে।

ৰবিবাৰ অৰ্থাৎ আজি অভিনেত্ৰী গৰাকীৰ দীৰ্ঘদিনিয়া প্ৰেমিক সুমিত সুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব।

সুৰভি জ্যোতিয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বিবাহৰ ফটো সমূহত যথেষ্ট আনন্দিত দেখিবলৈ পোৱা গৈছে। শনিবাৰে সুৰভিয়ে মেহেন্দি অনুষ্ঠানৰ কিছু ফটো শ্বেয়াৰ কৰিছে।

সুৰভিৰ ফটো সমূহ দেখি তেওঁৰ অনুৰাগী সকল যথেষ্ট আনন্দিত হৈছে আৰু তেওঁক বিবাহৰ শুভ কামনা জনাইছে।