পুনৰ এবাৰ হতাশাজনক প্ৰদৰ্শন দাঙি ধৰিছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা । এডিলেইড টেষ্টৰ দ্বিতীয় ইনিংছত তেওঁ মাত্ৰ ৬ ৰানহে কৰিবলৈ সক্ষম হয় । তেওঁক বল্ড কৰে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে । উল্লেখ্য যে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট এডিলেইডত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে । এই খেলৰ দ্বিতীয় দিনটোত টিম ইণ্ডিয়াই বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল । শনিবাৰৰ খেলখনৰ শেষলৈকে ভাৰতে ৫টা উইকেট হেৰুৱাই । গতিকে বৰ্তমান এই মেচখন অষ্ট্ৰেলিয়াৰ হাতত আছে ।
দুয়োটা ইনিংছতে ফ্লপ ৰোহিত-
দ্বিতীয় সন্তান জন্মৰ বাবে প্ৰথম টেষ্টত অংশ লোৱা নাছিল ৰোহিত শৰ্মাই । এতিয়া দ্বিতীয় টেষ্টত খেলা দেখা গৈছে অধিনায়কগৰাকীক । কিন্তু ঘূৰি অহাৰ পিছতো তেওঁৰ প্ৰদৰ্শনৰ বিশেষ উন্নতি হোৱা দেখা নগ’ল । ছয় নম্বৰত বেটিং কৰিবলৈ অহা ৰোহিতে ভাৰতৰ দুয়োটা ইনিংছতে মুঠ ৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । প্ৰথম ইনিংছত হিটমেনে ২৩টা বলৰ মুখামুখি হয় আৰু মাত্ৰ ৩ ৰানহে সংগ্ৰহ কৰে । দ্বিতীয় ইনিংছতো একেধৰণৰ প্ৰদৰ্শন আগবঢ়াই তেওঁ । এই মেচৰ দ্বিতীয় দিনা তেওঁ মাত্ৰ ৬ ৰানহে সংগ্ৰহ কৰিব পাৰে ।
যোৱা ১২টা ইনিংছত ৰোহিতৰ প্ৰদৰ্শন কেনেকুৱা আছিল ?
অষ্ট্ৰেলিয়াৰ পূৰ্বে ভাৰতে নিউজীলেণ্ড আৰু বাংলাদেশৰ মুখামুখি হৈছিল ভাৰতীয় দল । এই সময়ছোৱাতো ৰোহিতৰ বেটে কোনো বিশেষ প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল । কিৱিৰ বিৰুদ্ধে তেওঁ ৬চটা ইনিংছত মাত্ৰ ৯১ ৰানহে সংগ্ৰহ কৰে, য’ত তেওঁ এবাৰ শূন্যত আউট হৈছিল । ইয়াৰ বাহিৰে বাংলাদেশৰ বিৰুদ্ধে চাৰিটা ইনিংছত মাত্ৰ ৪২ ৰানহে সংগ্ৰহ কৰিছিল তেওঁ । এতিয়া তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও তেওঁৰ প্ৰদৰ্শন যথেষ্ঠ নিৰাশাজনক । যোৱা ১২টা ইনিংছত তেওঁ ৮ বাৰকৈ ডাবল ফিগাৰ স্পৰ্শ কৰিব পৰা নাছিল ।
৬ নম্বৰত ৰোহিতৰ অভিলেখ কেনেকুৱা ?
এই মেচৰ পূৰ্বে যদি ৰোহিতৰ ছয় নম্বৰত বেটিং কৰাৰ অভিলেখ চোৱা হয় তেন্তে তেওঁ ১৬খন টেষ্ট মেচত গড়ে ৫৪.৫৭ ৰান কৰি ১০৩৭ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ ভিতৰত আছে তিনিটা শতক আৰু ছটা অৰ্ধশতক । ২০১৮-১৯ অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতৰ হৈ ষষ্ঠ স্থানত বেটিং কৰি হিটমেনে চাৰিটা ইনিংছত ৩৭, ১, ৬৩* আৰু ৫ ৰান সংগ্ৰহ কৰিছিল । এই দুয়োখন মেচ মেলবৰ্ণ আৰু এডিলেইডত অনুষ্ঠিত হৈছিল ।
মেচৰ গতি-
ভাৰতে প্ৰথম ইনিংছত ৩৩৭ ৰানত অষ্ট্ৰেলিয়াক আউট কৰিছিল যদিও কেংগাৰু দলটোৱে ১৫৭ ৰানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় । স্কট ব’লেণ্ড আৰু পেট কামিন্সৰ নেতৃত্বত বলাৰসকলে ভাৰতীয় বেটছমেনসকলক শলঠেকত পেলাই আৰু দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতে ১২৮ ৰানত ৫টা উইকেট হেৰুৱাই ৷ ভাৰতীয় দলটো এতিয়াও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৯ ৰানত পিছ পৰি আছে । ষ্টাম্পৰ সময়ত ঋষভ পন্টে ২৮ ৰান আৰু নীতিশ ৰেড্ডীয়ে ১৫ ৰানেৰে ক্ৰীজত অপৰাজিত হৈ আছিল । অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্স আৰু স্কট ব’লেণ্ডে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মিচেল ষ্টাৰ্কে এটা উইকেট লাভ কৰে ।