পুনৰবাৰ আক্ৰমণৰ লক্ষ্য হ’ল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহ। দেওবাৰে পুৱাই দুটাকৈ বোমা নিক্ষোপ কৰা হ’ল বাসগৃহটোলৈ ।প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাগিচালৈ নিক্ষেপ কৰা হৈছিল বোমা।
আক্ৰমণৰ সময়ত নেতান্য়াহু বা তেওঁৰ পৰিয়ালৰ কোনো লোক বাসগৃহটোত উপস্থিত নাছিল। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ফুলনিত এই বোমা বিস্ফোৰিত হয় যদিও প্ৰধানমন্ত্ৰীগৰাকী পৰিয়াল তথা কোনো লোক হতাহত হোৱা নাই।
বোমাটো বিস্ফোৰণৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাই।ইজৰাইলৰ প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে দেওবাৰে সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে এই কথা ঘোষণা কৰিছে।
এই ঘটনাক তীব্ৰ নিন্দা কৰি ইজৰাইলৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে । উল্লেখ যে, ২০২৩ৰ অক্টোবৰ মাহতো প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহত চলিছিল ড্ৰোণ আক্ৰমণ।
হিজবুল্লাহক লক্ষ্য কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে নিজৰ সীমা অতিক্ৰম কৰিছে। ঘটনাটোৰ পিছতেই বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰ ব্যৱস্থা।