সকলোৰে ঘৰতে প্ৰায়েই উপদ্ৰৱ চলোৱা এবিধ প্ৰাণী হ’ল পইতাচোৰা । পাকঘৰৰ চিংক, শৌচাগাৰ আৰু লেতেৰা চুকত থকা এই পইতাচোৰাই ঘৰৰ ইফালে-সিফালে বিয়পি পৰি বীজাণু বিয়পাবলৈ আৰম্ভ কৰে । বিশেষকৈ যদি খাদ্য সামগ্ৰীৰ আশেপাশে এই প্ৰাণীবিধ ঘূৰিবলৈ আৰম্ভ কৰে তেন্তে ই আপোনাক অসুস্থ কৰি তুলিবও পাৰে । এনে পৰিস্থিতিত এই পইতাচোৰাৰ পৰা অতি সোনকালে পৰিত্ৰাণ পোৱাৰ প্ৰয়োজন আছে । ইয়াত জানি লওক যে ঘৰ মচা পানীত কি মিহলাই মজিয়া পৰিষ্কাৰ কৰিব লাগে, যাতে পইতাচোৰাবোৰ পলালৈ বাধ্য হয় । পইতাচোৰাৰ পৰা মুক্তি পাবলৈ জানক ঘৰুৱা ফলপ্ৰসূ উপায়-
ঘৰ মচা পানীত জালুক-
পইতাচোৰা খেদিবলৈ ঘৰ মচা পানীত থেতেলিয়াই থোৱাজালুক দিব পাৰে । এই পানীৰে ঘৰ মচিলে পইতাচোৰা মজিয়াত বগাই থকা বন্ধ হয় । পইতাচোৰা খেদিবলৈ ঘৰ মচা পানীত থেতেলিয়াই লোৱা লঙো দিব পাৰে । ইয়াৰ উপৰিও বেকিং চোডা আৰু বগা ভিনেগাৰো দিব পাৰে ।
নিম তেল-
নিম অইল ব্যৱহাৰ কৰিলে পইতাচোৰাৰ পৰা মুক্তি পাব পাৰি । পইতাচোৰা থকা ঠাইবোৰত নিম তেল ছটিয়াই দিব । এই তেল স্প্ৰে বটলত ভৰাই পোনে পোনে পইতাচোৰাৰ ওপৰত স্প্ৰে কৰিব পাৰে । ইচ্ছা কৰিলে নিম পাউদাৰো ব্যৱহাৰ কৰিব পাৰে ।
তেজপাত-
পইটাচোৰা খেদিবলৈ তেজপাত উপকাৰী । তেজপাতৰ প্ৰাকৃতিক সুগন্ধিৰ পৰা পইটাচোৰাৰ এলাৰ্জী হয় । এনে পৰিস্থিতিত পইতাচোৰাৰ ওপৰত তেজপাত ব্যৱহাৰ কৰিব পাৰি । তেজপাত পানীত উতলাই এই পানী স্প্ৰে বটলত ভৰাই লওক । তেজপাতৰ পানী ছটিয়ালে পইতাচোৰাৰ মৃত্যু হয় ।
আদা, নহৰু আৰু জালুক-
আদা, জালুক আৰু নহৰু পিহি এগিলাচ পানীত মিহলাই লওক । এই পানী পইতাচোৰাৰ বাহত আৰু য’তেই এই প্ৰাণীবিধ উৰি থাকে তাতেই ছটিয়াই দিব । ইয়াৰ ফলত পইতাচোৰাবোৰ আঁতৰি যায় ।