প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হয় লাওছলৈ । এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলন আৰু ১৯ সংখ্যক পূব এছিয়া সন্মিলনতো অংশগ্ৰহণ কৰিব । লাওছে আছিয়ানৰ অধ্যক্ষতা কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ লাওছ ভ্ৰমণৰ মাজতে এই সৰু দেশখন ভাৰতৰ বাবে কৌশলগতভাৱে কিয় ইমান গুৰুত্বপূৰ্ণ সেয়া জনাটো গুৰুত্বপূৰ্ণ । ভাৰত-লাওছৰ সম্পৰ্ক কেনেকুৱা আৰু ভাৰতে ইয়াক অগ্ৰাধিকাৰ দিয়াটো কিয় গুৰুত্বপূৰ্ণ…
ভাৰতৰ বাবে লাওছ কিয় গুৰুত্বপূৰ্ণ ?
লাওছৰ মুঠ জনসংখ্যা প্ৰায় ৭৭ লাখ । কিন্তু দক্ষিণ-পূব এছিয়াৰ একমাত্ৰ ভূমি আৱদ্ধ অথবা লেণ্ড লক দেশ । কৌশলগতভাৱে ই গুৰুত্বপূৰ্ণ কাৰণ উত্তৰ-পশ্চিমে লাওছৰ সীমাত ম্যানমাৰ আৰু চীন, পূবত ভিয়েটনাম, দক্ষিণ-পূবত কম্বোডিয়া আৰু পশ্চিম আৰু দক্ষিণ-পশ্চিমে থাইলেণ্ড । চীন আৰু ম্যানমাৰে আগুৰি থকাৰ বাবে ভাৰতৰ বাবে এই দেশৰ কৌশলগত গুৰুত্ব বাঢ়ি যায় । দৰাচলতে দক্ষিণ-পূব এছিয়াত ভৌগোলিক অৱস্থানৰ বাবে বাণিজ্যিক দৃষ্টিকোণৰ পৰা লাওছ সদায় গুৰুত্বপূৰ্ণ হৈ আহিছে । এই কাৰণেই দেশখন কেতিয়াবা ফ্ৰান্স আৰু কেতিয়াবা জাপানে দখল কৰিছিল । ১৯৫৩ চনত যেতিয়া লাওছে স্বাধীনতা লাভ কৰিছিল তেতিয়া চীনেও লাওছত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল ।
ভাৰতে সদায় লাওছক অগ্ৰাধিকাৰ দি আহিছে-
ভাৰত আৰু লাওছৰ মাজত সম্পৰ্ক স্থাপন হৈছিল ১৯৫৬ চনৰ ফেব্ৰুৱাৰী মাহত, অৰ্থাৎ লাওছৰ স্বাধীনতাৰ মাত্ৰ ৩ বছৰৰ পিছত । ইয়াৰ কৌশলগত প্ৰয়োজনীয়তা বিবেচনা কৰি ভাৰতে এই সম্পৰ্ক স্থাপন কৰিছিল । ১৯৫৪ চনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লাওছ ভ্ৰমণ কৰাৰ বিপৰীতে ১৯৫৬ চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে লাওছ ভ্ৰমণ কৰিছিল । দৰাচলতে দক্ষিণ চীন সাগৰত চীনৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণবাদী নীতিৰ বাবে ভাৰতে লাওছক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে ।
দুয়োখন দেশৰ মাজত বহু চুক্তি স্বাক্ষৰিত হৈছে-
লাওছৰ মেকং নদী হৈছে সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ মূল পথ । লাওছে এই নদীত বিদ্যুৎ উৎপাদন কৰে আৰু চুবুৰীয়া দেশসমূহলৈ বিদ্যুৎ যোগান ধৰে । ২০০৮ চনত ভাৰতে লাওছত এখন বায়ুসেনা একাডেমী খুলিবলৈ সিদ্ধান্ত লৈছিল । ভাৰতে সময়ে সময়ে আধুনিক প্ৰযুক্তি অৰ্পণ কৰি আহিছে লাও সেনাবাহিনীক । দেশখনৰ জলসিঞ্চন আৰু বিদ্যুৎ প্ৰকল্পৰ বাবেও ভাৰতে বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিছে । বিজ্ঞান, প্ৰযুক্তি আৰু বাণিজ্যৰ সৈতে জড়িত বহু চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তুলিছে ।
লাওছে ভাৰতৰ হৈ শক্তিশালীভাৱে থিয় দিছে-
এনে বহু উদাহৰণ আছে যেতিয়া লাওছে মুকলিকৈ ভাৰতক সমৰ্থন কৰিছে । লাওছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ বাবে ভাৰতৰ প্ৰচেষ্টাক সমৰ্থন আগবঢ়াই আহিছে । আনকি ৰাম মন্দিৰ উদ্বোধনৰ সময়তো লাওছে পৃথিৱীৰ প্ৰথমখন দেশ হিচাবে ৰাম লালাৰ ডাক ষ্টাম্প জাৰি কৰিছিল । আনকি কৰ’ণাৰ সময়তো ভাৰতে লাওছক সহায় কৰিছিল । যি পদক্ষেপ লাওছে অতিশয় প্ৰশংসা কৰিছিল ।