ইতিমধ্যে শীত কাল আৰম্ভ হৈছে। ঠাণ্ডাৰ বাবে সোমোৱাই থোৱা গৰম কাপোৰ ওলিয়াই ধুই লোৱাৰ কথা হয়টো আপুনি ভাবিছে।কিন্তু বহু লোকে ৱাচিং মেচিনত ঊলৰ কাপোৰ বা কম্বল ধুবলৈ চিন্তা কৰে। কিন্তু কেইটামান উপায় অৱলম্বন কৰিলে আপুনিও ৱাছিং মেচিনত উলৰ কাপোৰ বা কম্বল সহজে পৰিষ্কাৰ কৰিব পাৰিব। ৱাছিং মেচিনত উলৰ কাপোৰ আৰু কম্বল কেনেদৰে ধুব-
প্ৰথম পদক্ষেপ- প্ৰথমে, ঊলৰ কাপোৰবোৰ উলিয়াওক আৰু সেইবোৰ ৰং অনুসৰি বিভক্ত কৰক। কাৰণ এই ৰং সমূহ যদি আন কাপোৰত লাগি যায় তেনেহলে কাপোৰৰ উজ্জ্বলতা ম্লান হৈ যায়।সেয়ে ক’লা আৰু নীলা কাপোৰ একেলগে ধুব। বগা ৰঙৰ কাপোৰ পৃথকে ধুব। ৰঙা, গুলপীয়া আৰু কমলা কাপোৰ পৃথকে ধুব।
দ্বিতীয় পদক্ষেপ: এতিয়া কাপোৰবোৰ ৱাছিং মেচিনত ৰাখক। যদি কাপোৰত কোনো দাগ থাকে, তেন্তে ইয়াক প্ৰথমে ঘঁহি পৰিষ্কাৰ কৰক। এতিয়া ৱাছিং মেচিনত ঠাণ্ডা পানীৰ বিকল্প বাছনি কৰক আৰু মেচিনত দিয়া ঊলেন মোডত কাপোৰবোৰ অন কৰি ধুই দিয়ক।
তৃতীয় পদক্ষেপ: ঊলৰ কাপোৰ ধুবলৈ, আপুনি তৰল চাবোন বাল ঊলৰ কাপোৰ ধুৱা ডিটাৰ্জেণ্ট ব্যৱহাৰ কৰিব লাগে। ডিটাৰ্জেণ্ট পাউডাৰে ঊলৰ কাপোৰ ধোলে এই কাপোৰবোৰৰ ওপৰত বগা পাউডাৰ লাগি থাকে। এইটোৱে কাপোৰৰ ওপৰত দাগ সৃষ্টি কৰিব পাৰে।
চতুৰ্থ পদক্ষেপ :ৱাচিং মেচিনত কম্বল ধোৱাৰ আগতে ভালদৰে ব্ৰাছ কৰি ধুলিসমূহ পৰিষ্কাৰ কৰি ল’ব লাগে ।আপুনি ৱাছিং মেচিনত পাতল কম্বল, চিন্ঠেটিক কম্বলসমূহ ধুব পাৰে। যদি আপুনি বিচাৰে, ৱাচিং মেছিনটো মৃদু বা ডেলিকেট মোডত দিও কম্বলসমূহ ধুব পাৰে।