শুকুৰবাৰে শ্ৰেষ্ঠ এদিনীয়া আৰু টেষ্ট দল ঘোষণা কৰাৰ পিছত শনিবাৰে আই চি চি য়ে ঘোষণা কৰে শ্ৰেষ্ঠ টি-২০ দল । ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ পুৰুষৰ দলত চাৰিগৰাকী ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা হৈছে যদিও ইয়াত নাই বিৰাট কোহলী বা বৰ্তমানৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নাম । দুয়োজনেই যোৱা বছৰ টি-২০ বিশ্বকাপ জয় কৰা দলটোৰ অংশ আছিল । একে সময়তে দলটোৰ কমাণ্ড বিশ্ব চেম্পিয়ন অধিনায়ক ৰোহিত শৰ্মাৰ হাতত অৰ্পণ কৰা হৈছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰোহিত আৰু বিৰাটে ।
একে সময়তে তিনিগৰাকী ভাৰতীয়ক শ্ৰেষ্ঠ মহিলা টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত আছে স্মৃতি মন্ধানা, ৰিচা ঘোষ আৰু দীপ্তি শৰ্মাৰ নাম । দলটোত সৰ্বাধিক তিনিজন খেলুৱৈৰ সংখ্যা ভাৰতৰ থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ দুগৰাকী খেলুৱৈয়ে দলটোত স্থান লাভ কৰিছে । দলৰ কমাণ্ড দক্ষিণ আফ্ৰিকাৰ এল উলভাৰ্ডক গতাই দিয়া হৈছে । ২০২৪ চনৰ আই চি চিৰ মহিলা এদিনীয়া দলৰ অধিনায়ক হিচাপেও উলভাৰ্ডক নিৰ্বাচিত কৰা হৈছে ।
শ্ৰেষ্ঠ পুৰুষ দলত আৰু কোন আছে ?
ভাৰতৰ চাৰিজন খেলুৱৈৰ উপৰিও শ্ৰেষ্ঠ পুৰুষ দলত অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান, শ্ৰীলংকা আৰু জিম্বাবুৱেৰ এজনকৈ খেলুৱৈ আছে । ৰোহিতৰ উপৰিও এই চাৰিজন ভাৰতীয় খেলুৱৈৰ ভিতৰত আছে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া, পেচাৰ যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিং । দলটোত আছে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড, ইংলেণ্ডৰ ফিল ছল্ট, ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পৰাণ (উইকেটকীপাৰ), আফগানিস্তানৰ ৰছিদ খান, শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা আৰু জিম্বাবুৱেৰ আলেকজেণ্ডাৰ । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱা পাকিস্তান দলৰ বাবৰ আজমো আই চি চিৰ শ্ৰেষ্ঠ টি-২০ প্লেইং-১১ৰ ভিতৰত আছে ।
দীৰ্ঘদিনৰ পিছত টি-২০লৈ উভতি আহিছিল ৰোহিত-
দীৰ্ঘদিন পিছত যোৱা বছৰ টি-২০ ইণ্টাৰনেশ্যনেললৈ উভতি আহিছিল ৰোহিত । ২০২৪ চনত তেওঁ ১১খন মেচত গড়ে ৪২ আৰু ষ্ট্ৰাইক ৰেট ১৬০.১৬ ৰে ৩৭৮ ৰান সংগ্ৰহ কৰিছিল । ইয়াত তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ১২১ ৰান । এই সময়ছোৱাত তেওঁ মাত্ৰ এটা শতকহে অৰ্জন কৰিছিল । একে সময়তে অল ৰাউণ্ডাৰ হাৰ্দিকে যোৱা বছৰ ১৭খন মেচত ৩৫২ ৰান সংগ্ৰহ কৰি ১৬টা উইকেট দখল কৰিছিল । তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ৫০ ৰান । একে সময়তে তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ২০ ৰানত তিনিটা উইকেট ।
বুমৰাহ আৰু অৰ্শদীপে কৰিছিল চেম্পিয়ন-
ভাৰতৰ টি-২০ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুমৰাহে যোৱা বছৰ টি-২০ৰ ৮খন মেচত ১৫টা উইকেট দখল কৰিছিল । এই সময়ছোৱাত তেওঁৰ বলিং গড় আছিল ৮.২৬ । একে সময়তে তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৭ ৰানত তিনিটা উইকেট । বুমৰাহৰ উপৰিও অৰ্শদীপেও বিধ্বংসী ৰূপ ধাৰণ কৰে । ২০২৪ চনত ১৮খন মেচত ১৩.৫০ বলিং গড়ৰে ৩৬টা উইকেট দখল কৰিছিল তেওঁ । অৰ্শদীপৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৯ ৰানত ৪ উইকেট ।
২০২৪ চনৰ আই চি চি টি-২০ আন্তঃৰাষ্ট্ৰীয় পুৰুষৰ শ্ৰেষ্ঠ দল :
ৰোহিত শৰ্মা (অধিনায়ক, ভাৰত), ট্ৰেভিছ হেড (অষ্ট্ৰেলিয়া), ফিল ছল্ট (ইংলেণ্ড), বাবৰ আজম (পাকিস্তান), নিকোলাছ পৰাণ (উইকেটকীপাৰ, ৱেষ্ট ইণ্ডিজ), চিকন্দৰ ৰাজা (জিম্বাব’ৱে), হাৰ্দিক পাণ্ডিয়া (ভাৰত), ৰছিদ খান (আফগানিস্তান), ৱানন্দু হাছাৰংগা (শ্ৰীলংকা), যশপ্ৰীত বুমৰাহ (ভাৰত) আৰু অৰ্শদীপ সিং (ভাৰত)।
২০২৪ চনৰ আই চি চিৰ মহিলা টি-২০ দল : এল উলভাৰ্ড (অধিনায়ক, দক্ষিণ আফ্ৰিকা), মাৰিজান কাপ (দক্ষিণ আফ্ৰিকা), স্মৃতি মন্ধানা (ভাৰত), ৰিচা ঘোষ (উইকেটকীপাৰ, ভাৰত), দীপ্তি শৰ্মা (ভাৰত); চামাৰী আটাপাট্টু (শ্ৰীলংকা); হেলি মেথিউছ (ৱেষ্ট ইণ্ডিজ); নেট চেৱাৰ্ড-ব্ৰাণ্ট (ইংলেণ্ড); মেলি কাৰ (অষ্ট্ৰেলিয়া), অৰ্লা প্ৰেণ্ডাৰগাষ্ট (আয়াৰলেণ্ড) আৰু ছাদিয়া ইকবাল (পাকিস্তান) ।