দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বোগবাঁহাত জঘন্য ঘটনা সংঘটিত হৈছে। শিক্ষগুৰুৰ কামনাৰ বলি হ’ল পঞ্চম শ্ৰেণীৰ ছাত্ৰী । স্থানীয় ৰাইজে অভিযুক্ত শিক্ষকগৰাকীক হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিয়ে ।
শিক্ষক কুশল তালুকদাৰে সংঘটিত কৰিছে এই জঘন্য কাণ্ডটো। জানিব পৰা মতে শিক্ষক তালুকদাৰে দীৰ্ঘদিন ধৰি ছাত্ৰী গৰাকীক কৰি আহিছিল শাৰীৰিক নিৰ্যাতন ।
স্কুল চুটিৰ পিছত ছাত্ৰীগৰাকীক অকলশৰীয়াকৈ পঢ়ুৱাৰ অজুহাতত অকলে ৰাখিছিল শ্ৰেণীকোঠাত । সেই সময়তে ছাত্ৰীগৰাকীৰ দেহৰ গোপন অংগত স্পৰ্শ কৰিছিল শিক্ষক কুশল তালুৰদাৰে ।
উপায়ন্তৰ হৈ ছাত্ৰী গৰাকীয়ে প্ৰথমে সহপাঠী এগৰাকীক কোৱাৰ পিছত সহপাঠী গৰাকীয়ে সমগ্ৰ ঘটনাটো ছাত্ৰীগৰাকীৰ মাকক অৱগত কৰে ।
তাৰ পিছত শুক্ৰবাৰে একে ঘটনা সংঘটিত কৰাত ছাত্ৰীগৰাকীয়ে কান্দি কান্দি বিদ্যালয়ৰ পৰা ওলাই গৈ মাক তথা স্থানীয় লোকক অৱগত কৰে।তাৰ পিছতে শিক্ষকগৰাকীক ৰাইজে বিদ্যালয়ত আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে ।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিক্ষকগৰাকীক আটক কৰি ন্যায়ালয়লৈ প্ৰেৰণ কৰে । স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি শিক্ষকগৰাকীৰ শাস্তি দাবী কৰিছে ।