আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যত অৱস্থিত লছ এঞ্জেলছত বনজুইয়ে ব্যাপক আৰু বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ছ’চিয়েল মিডিয়া আৰু নিউজ চেনেলৰ ফুটেজত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপনৰ চেষ্টা চলাই নিজৰ জীৱন বিপন্ন কৰা দেখা গৈছে । খবৰ পোৱা গৈছে যে এতিয়ালৈকে বহু অঞ্চলত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰা হৈছে । অৱশ্যে বুধবাৰৰ ভিতৰত পুনৰ প্ৰচণ্ড বতাহ বলাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত জুই বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।
এই বনজুইক লছ এঞ্জেলছৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা বুলি কোৱা হৈছে । বিষয়াসকলৰ মতে, ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোকক উলিয়াই অনা হৈছে । অৱশ্যে প্ৰচণ্ড বতাহৰ ফলত জুই বিয়পি পৰাৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে । এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
লছ এঞ্জেলছৰ অগ্নিকাণ্ডত এতিয়ালৈকে মৃত্যু আৰু লোকচানৰ সংখ্যা কিমান ?
-লছ এঞ্জেলছৰ বনজুইত এতিয়ালৈকে মুঠ ২৪ জন লোকে প্ৰাণ হেৰুৱাইছে । একে সময়তে ১৬ জনতকৈ অধিক লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে । এক লাখৰো অধিক লোকে ঘৰ এৰি আন অঞ্চললৈ যাবলৈ বাধ্য হৈছে । ইয়াৰ বাহিৰেও আন বহু অঞ্চলত মানুহে বিদ্যুৎ বিহীন জীৱন যাপন কৰিবলৈ বাধ্য হৈছে ।
-একুৱেদাৰৰ প্ৰাৰম্ভিক অনুমান অনুসৰি লছ এঞ্জেলছৰ এই বনজুই আমেৰিকাৰ ইতিহাসৰ অৰ্থনৈতিক লোকচানৰ ক্ষেত্ৰত আটাইতকৈ ব্যয়বহুল বুলি প্ৰমাণিত হ’ব পাৰে । ইয়াত কমেও ১৫০ বিলিয়ন ডলাৰ (প্ৰায় ১৩ লাখ কোটি টকা) লোকচান হৈছে ।
-লছ এঞ্জেলছৰ এই বনজুইত বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিৰ ঘৰ ধ্বংস হৈছে । ইয়াৰ ভিতৰত হলিউডৰ অভিনেতা মেল গিবছন, লেইটন মিষ্টাৰ আৰু এডাম ব্ৰডী । গোল্ডেন গ্ল’বছ বঁটা প্ৰদান অনুষ্ঠানত এই আটাইকেইজন অভিনেতা উপস্থিত আছিল যেতিয়া মহানগৰীত বনজুই বিয়পি পৰে । ইয়াৰ উপৰিও মডেল তথা অভিনেত্ৰী পেৰিছ হিল্টনৰ ঘৰটোও জুইত ছাই হৈ পৰিছে ।
লছ এঞ্জেলছত এতিয়ালৈকে এই অগ্নিকাণ্ডৰ ফলত কিমান ধ্বংসলীলা হৈছে ?
কেলিফৰ্ণিয়া ৰাজ্যৰ অগ্নিনিৰ্বাপক সংস্থা কেল ফায়াৰৰ মতে, মঙলবাৰে (৭ জানুৱাৰী) প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । তাৰ পিছৰে পৰা কেইবাটাও ভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত হৈছে । ইয়াত লছ এঞ্জেলছ কাউন্টিৰ ৪০ হাজাৰ একৰ অঞ্চল জ্বলি গৈছে । মন কৰিবলগীয়া যে আমেৰিকাত জুইক ঘূৰ্ণীবতাহৰ দৰেই নাম দিয়াৰ প্ৰৱণতা দেখা গৈছে । এতিয়ালৈকে লছ এঞ্জেলছৰ তিনিটা বৃহৎ অগ্নিকাণ্ডৰ ফলত ১২ হাজাৰৰো অধিক অট্টালিকা জ্বলি গৈছে ।
লছ এঞ্জেলছত এই জুই কেনেকৈ আৰম্ভ হ’ল, ইমান দ্ৰুতগতিত কিয় বিয়পি পৰিছে ?
-লছ এঞ্জেলছ কাউন্টিৰ শ্বেৰিফ ৰবাৰ্ট লুনাৰ মতে, তেওঁলোকে এই জুইৰ সম্ভাৱ্য কাৰণসমূহ জানিবলৈ চেষ্টা কৰিছে । পেলিছাডছ আৰু ইটনৰ জুইৰ কাৰক হিচাপে বজ্ৰপাত নুই কৰা হৈছে । ইয়াৰ বাহিৰেও এতিয়ালৈকে অগ্নিসংযোগ বা বৈদ্যুতিক তাঁৰ সৰি পৰাৰ কোনো প্ৰমাণ পোৱা নাই ।
-কিন্তু যোৱা বছৰ কেলিফৰ্ণিয়াত হোৱা খৰাঙে পৰিস্থিতিৰ অৱনতি ঘটাইছিল । আচলতে খৰাঙৰ সময়ত ইয়াত এনে বহু গছ-গছনি গজিছে যিবোৰ শুকান । ইয়াৰ ফলত জুই বিয়পিবলৈ সহজ হৈ পৰিছে ।
-অক্টোবৰৰ পৰা লছ এঞ্জেলছৰ ডাউনটাউনত মাত্ৰ ৪০ মিলিমিটাৰ বৰষুণ হৈছে । এই খৰাং পৰিস্থিতিৰ বাবে চাৰিওফালৰ মাটিত আৰ্দ্ৰতা বাকী নাথাকিল । ই হৈছে এই জুইৰ দ্ৰুত বিয়পি পৰাৰ এটা প্ৰধান কাৰণ ।
এই জুইত ইন্ধন যোগোৱা চান্টা আনা বতাহ কি ?
চান্টা আনা বতাহ হৈছে কেলিফৰ্ণিয়াৰ দক্ষিণ অংশত বলি থকা প্ৰবল আৰু শুকান বতাহ । পূব বা উত্তৰ-পূবৰ পৰা বলি অহা এই বতাহ সাধাৰণতে ছেপ্টেম্বৰৰ পৰা মে’ মাহলৈকে থাকে । গড়ে কেলিফৰ্ণিয়া ৰাজ্যৰ কিছুমান অঞ্চলত বছৰত প্ৰায় ২০ বাৰ এনে বতাহ বলে । এই বতাহৰ সময় দুদিনৰ পৰা কেতিয়াবা এসপ্তাহলৈকে হ’ব পাৰে ।
ইহঁতৰ গতিবেগ প্ৰতি ঘণ্টাত ৮০-১৩০ কিলোমিটাৰ । যিহেতু ই য’তেই যায় তাতেই বতাহ শুকান হৈ পৰে, গতিকে কোনো অঞ্চলত বিয়পি পৰা জুই বতাহ বলিলে দ্ৰুতগতিত বিয়পিব পাৰে ।