চেন্নাইৰ গুইণ্ডি অঞ্চলৰ কালাইঞ্জাৰ চেণ্টেনেৰী চুপাৰ স্পেচিয়েলিটি হস্পিটেলত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী ৰোগীৰ পুত্ৰই চিকিৎসক বালাজী জগন্নাথৰ ডিঙিত সাতবাৰ ছুৰিকাঘাত কৰি হত্যাৰ চেষ্টা চলাই। আহত চিকিৎসকগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে কৰ্কট ৰোগত আক্ৰান্ত ভিগনেশৰ মাতৃ প্ৰেমাই তেওঁৰ চিকিৎসাৰ কোনো কথাক লৈ চিকিৎসকৰ সৈতে তীব্ৰ তৰ্ক কৰিছিল। তেওঁলোকে প্ৰেমাৰ গুৰুতৰ অৱস্থাৰ বাবে চিকিৎসকক দোষাৰোপ কৰিছিল।অলপ সময়ৰ তৰ্ক-বিতৰ্কৰ পিছত, ভিগনেশৰ খং উঠিল আৰু এখন চুৰি উলিয়াই চিকিৎসকৰ ডিঙিত ভৰাই দিয়ে।
আৰক্ষীয়ে জনোৱা অনুসৰি, পেৰুঙ্গালাথুৰৰ ভিগনেশ বুলি চিনাক্ত কৰা ব্যক্তিগৰাকীয়ে বহিঃৰোগীৰ প্ৰৱেশ পাছ লৈ পুৱা প্ৰায় চিকিৎসালয়খনত প্ৰায় ১০:৩০ বজাত অংক’লজী বিভাগত প্ৰৱেশ কৰে, য’ত ডাঃ বালাজী জগন্নাথ কৰ্তব্যৰত আছিল।তাৰ পিছতেই চিকিৎসক গৰাকীক আক্ৰমণ কৰে ভিগনেশে। লগে লগে চিকিৎসকগৰাকীক আইচিইউলৈ লৈ যোৱা হয়।পিছত আক্ৰমণকাৰী ভিগনেশ তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হয়।